ডাউনলোড
মোবাইল এপ

android apple
signal

April 30, 2025 12:36 PM | IPL

printer

আই পি এলত যোৱা নিশা কলকাতা নাইট ৰাইডার্ছৰ দেলহী কেপিটেলছক ১৪ ৰানত পৰাস্ত

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা নতুন অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডার্ছে দেলহী কেপিটেলছক ১৪ ৰানত পৰাস্ত কৰে। লেহীয়ে ২০৫ বানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৯ উইকেটৰ বিনিময়ত ১৯০ বান সংগ্ৰহ কৰে। দলৰ হৈ ফাফ ডু প্লেছিছে ৬২ আৰু অক্ষৰ পেটেলে ৪৩ বান কৰে। কলকাতা নাইট ৰাইডাৰ্ছৰ সুনীল নাবায়ণে ৩টা, বৰুণ চক্ৰৱৰ্তীয়ে দুটা উইকেট দখল কৰাৰ লগতে অনুকুল বয়, বৈভৱ আবোবা আৰু আণ্ডে বাছেলে এটাকৈ উইকেট লাভ কৰে। সুনীল নাৰায়ণ প্লেয়াৰ অৱ দা মেচ হিচাপে ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে কলকাতাই প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ২০৪ ৰান কৰে। দলৰ হৈ অংক্ৰিছ ৰঘুবংশীয়ে সৰ্বাধিক ৪৪ ৰান কৰে ।

প্রতিযোগিতাত আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হবলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ পাঞ্জাৱ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হব।

অধিক পঢ়ক

সকলো চাওক