আই পি এল ক্রিকেট প্রতিযোগিতাত কালি নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হোৱা এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে দেলহী কেপিটেলছক ৬ উইকেটত পৰাজিত কৰে। দেলহী কেপিটেলছে বান্ধি দিয়া ১৬৩ ৰানৰ বিজয় লক্ষ্যৰে খেলিবলৈ লোৱা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ১৮ অভাৰ আৰু ৩টা বলতেই ৪ উইকেটৰ বিনিময়ত ১৬৫ ৰান কৰি বিজয় লক্ষ্যত উপনীত হয়। দলৰ হৈ ক্ৰুণাল পাণ্ডিয়াই ৪৭টা বলত সৰ্বাধিক ৭৩ ৰান কৰি আউট নোহোৱাকৈ থাকে। বিৰাট কোহলীয়ে ৫১ ৰানৰ বৰঙণি আগবঢ়ায়। দেলহী কেপিটেলছৰ হৈ অক্ষৰ পেটেলে দুটা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে টছত জিকি প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। দেলহী কেপিটেলছে প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৬২ ৰাণ কৰে। লেহীৰ হৈ কে এল ৰাহুলে সৰ্বাধিক ৪১ ৰান কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ ভুৱনেশ্বৰ কুমাৰে ৩টা উইকেট দখল কৰে। ক্রুণাল পাণ্ডিয়াক প্লেয়াৰ অৱ মেচ ঘোষণা কৰা হয় ৷
কালিৰ আন এখন খেলত মুম্বাই ইণ্ডিয়ানছে লক্ষ্ণৌ ছুপাৰ জায়ণ্টছক ৫৪ ৰানত পৰাস্ত কৰে। মুম্বাইৰ বাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ২১৬ ৰানৰ লক্ষ্যৰে খেলিবলৈ লোৱা লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে নিৰ্ধাৰিত ২০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৬১ ৰানহে কৰিবলৈ সমৰ্থ হয়।
প্ৰতিযোগিতাত আজি জয়পুৰৰ ছেৱাই মানসিং ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব।
Site Admin | April 28, 2025 12:50 PM | IPL
আই পি এলত কালি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু দেলহী কেপিটেলছৰ হাতত ৬ উইকেটত পৰাজিত
