ডাউনলোড
মোবাইল এপ

android apple
signal

April 23, 2025 12:53 PM | IPL

printer

আই পি এলত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দেলহি কেপিটেলছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ৮ উইকেটত পৰাস্ত কৰে। লেহি কেপিটেলছে ১৩টা বল বাকী থকা অৱস্থাত দুটা উইকেট হেৰুৱাই ১৬১ ৰাণ কৰে। ইয়াৰ পূৰ্বে লক্ষ্ণৌৱে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত অভাৰত ৬ উইকেটৰ বিনিময়ত ১৫৯ ৰাণ সংগ্ৰহ কৰে। দেলহি কেপিটেলছে টছত জিকি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক প্রথমে বেট ধৰাৰ বাবে আমন্ত্রণ জনায়। দেলহিয়ে বৰ্তমান তালিকাৰ দ্বিতীয় স্থানত থকাৰ বিপৰীতে লক্ষ্ণৌ পঞ্চম স্থানত আছে। প্রতিযোগিতাত আজি হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ’বলগীয়া এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

অধিক পঢ়ক

সকলো চাওক