ডাউনলোড
মোবাইল এপ

android apple
signal

April 12, 2025 1:00 PM | IPL

printer

আই পি এলত কলকাতা নাইট ৰাইডাৰ্ছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ৮ উইকেটত জয়লাভ

আই পি এল ক্রিকেট প্রতিযোগিতাৰ কালি নিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ৮ উইকেটত জয়লাভ কৰে। কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়ক আজিংক্য ৰাহানেই টছত জিকি চেন্নাইৰ দলটোক প্রথমে বেট ধৰাৰ বাবে আমন্ত্রণ জনায়। মহেন্দ্র সিং ধোনী নেতৃত্বাধীন চেন্নাই ছুপাৰ কিংছে প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই মাত্র ১০৩ ৰাণ সংগ্ৰহ কৰে। কলকাতাৰ হৈ সুনীল নাৰায়ণে ৩টা আৰু বৰুণ চক্ৰৱৰ্তী আৰু হৰ্ষিত ৰাণাই দুটাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত কলকাতাই মাত্র ১১ অভাৰতেই বিজয় লক্ষ্যত উপনীত হয়। দলৰ হৈ সুনীল নাৰায়ণে ১৮টা বলত ৪৪ ৰাণৰ বৰঙণি আগবঢ়ায়। চেন্নাইৰ হৈ অংশুল কাম্বোজ আৰু নুৰ আহমেদে এটাকৈ উইকেট দখল কৰে। সুনীল নাৰায়ণক প্লেয়াৰ অৱ দা মেচ ঘোষণা কৰা হয়।

প্রতিযোগিতাত আজি লক্ষ্ণৌত হবলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ গুজৰাট টাইটানছৰ মুখামুখি হব। খেলখন বিয়লি চাৰে ৩ বজাত আৰম্ভ হব। আজিৰ আন এখন খেলত সন্ধিয়াৰে চাৰে ৭ বজাত পাঞ্জাৱ কিংছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হব।

অধিক পঢ়ক

সকলো চাওক