ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

IPL: সন্ধিয়া ৭.৩০ বজাত লক্ষ্ণৌ ছুপাৰ জায়েন্ট বনাম ৰয়েল ছেলেঞ্জার্ছ বেংগালুৰু

■ আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা জয়পুৰৰ ছৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত পাঞ্জাব কিংছে মুম্বাই ইণ্ডিয়ানছক ৭ উইকেটত পৰাস্ত কৰে। এই জয়ৰ সুবাদত পাঞ্জাবে প্রতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ শীৰ্ষ দুটা দলৰ মাজত নিজৰ স্থান সুনিশ্চিত কৰে। দলটোৱে লগতে অহা বৃহস্পতিবাৰে ছণ্ডিগড়ত হ’বলগীয়া প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলৰ বাবেও যোগ্যতা অর্জন কৰে। কালিৰ খেলখনত ১৮৫ ৰানৰ জয়ৰ লক্ষ্যৰে খেলি দলটোৱে ১৮ অভাৰ আৰু ৩ টা বলত তিনিটা উইকেট হেৰুৱাই বিজয় লক্ষ্য অতিক্রম কৰে। দলৰ হৈ জছ ইংলিছে ৭৩ আৰু প্রিয়াংশ আৰ্যই ৬২ ৰানৰ বৰঙণি আগবঢ়ায়। খেলখনত আগবঢ়োৱা অনবদ্য প্ৰদৰ্শনৰ বাবে জছ ইংলিছক প্লেয়াৰ অব দ্যা মেচ হিচাপে ঘোষণা কৰা হয়। মুম্বাইৰ মিছেল ছেণ্টনাৰে দুটা উইকেট দখল কৰে।
ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি মুম্বাই ইণ্ডিয়ানছে নির্ধাৰিত ২০ অভাৰত ৭ টা উইকেট হেৰুৱাই ১৮৪ বান কৰে। পাঞ্জাবৰ অৰ্শদীপ সিং, মার্কো জেনছেন আৰু বিজয় কুমাৰে দুটাকৈ আৰু হৰঞ্জীত ব্রাৰে এটা উইকেট দখল কৰে। এই জয়ৰ সুবাদত পাঞ্জাবৰ দলটো সম্প্ৰতি পইণ্ট তালিকাৰ শীৰ্ষত আছে। প্লে অফ পৰ্যায়ত মুম্বাইয়ে শুকুৰবাৰে এলিমিনেটৰ খেলখনত অৱতীৰ্ণ হ’ব।
প্রতিযোগিতাত আজি লক্ষ্ণৌৰ একানা ক্রিকেট ষ্টেডিয়ামত লক্ষ্ণৌ ছুপাৰ জায়েন্ট, ৰয়েল ছেলেঞ্জার্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব।