গুজৰাটৰ আহমেদাবাদত হোৱা প্ৰাণনাশক বিমান দুর্ঘটনাৰ তদন্ত অব্যাহত আছে। ফৰেনছিক বিশেষজ্ঞৰ দলে কালি দুর্ঘটনাস্থলীত তন্ন তন্নকৈ সকলোবোৰ দিশ পৰীক্ষা কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, সেই স্থানৰ পৰা এটা ব্লেকবক্স উদ্ধাৰ কৰা হৈছে। ইয়াৰ পূৰ্বে এয়াৰ ট্ৰেফিক সেৱা অৰ্থাৎ এ টি এছৰ দলে বিমান দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ পৰা এটা ডিজিটেল ভিডিঅ’ ৰেকৰ্ডাৰ উদ্ধাৰ কৰে। দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। এই দুৰ্ঘটনাৰ পাছতে কাষৰীয়া অঞ্চলসমূহৰ কেইবাজনো লোক সন্ধানহীন হৈ থকাৰ তথ্য পোৱা গৈছে। সম্প্ৰতি তেওঁলোকৰ সন্ধানতো অভিযান অব্যাহত আছে। আমাৰ সংবাদদাতাই জনোৱা মতে, ৭ টাতকৈ অধিক মৃতদেহ পৰিয়ালৰ সদস্যসকলক গটাই দিয়া হৈছে আৰু ২০০তকৈ অধিক ডি এন এৰ নমুনা মৃতদেহ চিনাক্তকৰণৰ বাবে সংগ্ৰহ কৰা হৈছে। ভাৰতীয় চিকিৎসা সন্থাৰ গুজৰাটৰ সভাপতি মেহৰুল শ্বাহে কয়, যে এয়াৰ ইণ্ডিয়াৰ বিমানখন পতিত হোৱা বি জে মেডিকেল কলেজৰ চিকিৎসক ছাত্ৰাবাসৰ চাৰিগৰাকী চিকিৎসা শিক্ষাৰ্থী আৰু এগৰাকী চিকিৎসকৰ পত্নীৰ মৃত্যু হৈছে। তেওঁ কয়, যে এই দুর্ঘটনা সংঘটিত হোৱাৰ লগে লগে শতাধিক চিকিৎসক সেই স্থানত উপস্থিত হৈ আহতসকলক উদ্ধাৰৰ চেষ্টা চলায়। শ্ৰী শ্বাহে প্ৰকাশ কৰা অনুসৰি ছাত্ৰাবাসটোত থকা ৪৫ গৰাকীৰো অধিক চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ জীৱন বচোৱা হয়।
গুজৰাটৰ আহমেদাবাদত হোৱা প্ৰাণনাশক বিমান দুর্ঘটনাৰ তদন্ত অব্যাহত, ব্লেকবক্স উদ্ধাৰ
