December 18, 2025 7:39 PM | interview

printer

নিখিল ভাৰত কংগ্ৰেছৰ মুখপাত্ৰ আৰু মিডিয়া পেনেলিষ্ট বাছনি প্ৰক্ৰিয়াৰ প্রথম পৰ্য্যায়ৰ সাক্ষাৎকাৰ অনুষ্ঠিত

ৰাষ্ট্ৰীয় প্রেক্ষাপটত নিখিল ভাৰত কংগ্ৰেছৰ মুখপাত্ৰ আৰু মিডিয়া পেনেলিষ্ট বাছনি প্ৰক্ৰিয়াৰ অধীনত আজি প্রথম পৰ্য্যায়ৰ সাক্ষাৎকাৰ গুৱাহাটীৰ লগতে ৰাজ্যৰ ছখন জিলাত অনুষ্ঠিত হয়। তিনি শতাধিক প্রার্থীয়ে আজি এই সাক্ষাৎকাৰ প্ৰক্ৰিয়াত অংশ লয়। গুৱাহাটীত দিনৰ ১০ বজাৰ পৰা অনুষ্ঠিত এই কাৰ্য্যসূচীত প্রাক্তন সাংসদ ৰিপুণ বৰা, ৰাম প্ৰসাদ শর্মা আৰু প্ৰাক্তন বিধায়ক মোহন বসুমতাৰী উপস্থিত থাকে।