স্বাধীনতা দিৱসৰ পূৰ্বে বিভিন্ন আইন বলৱৎকাৰী সংস্থাসমূহৰ মাজত সহযোগিতা শক্তিশালী কৰাৰ উদ্দেশ্যে কালি নতুন দিল্লীত বিভিন্ন ৰাজ্যৰ এখন সমন্বয় বৈঠক অনুষ্ঠিত হয়। দিল্লীৰ আৰক্ষী আয়ুক্ত এছ বি কে সিঙে অধ্যক্ষতা কৰা এই বৈঠকত হাৰিয়ানা, পাঞ্জাৱ, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, উত্তৰাখণ্ড, বিহাৰ, ৰাজস্থান আৰু চণ্ডিগড়ৰ আৰক্ষী বিষয়াসকলৰ লগতে কেন্দ্ৰীয় চোৰাংচোৱা আৰু বলৱতকাৰী সংস্থাৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। বৈঠকত শীৰ্ষ বিষয়াসকলে চোৰাংচোৱা তথ্যসমূহৰ লগতে সীমান্তত তালাচী তথা সন্দেহজনক দিশসমূহ নিৰীক্ষণকে ধৰি সন্ত্ৰাস বিৰোধী উপায়ৰ বিষয়ে অৱগত কৰে।
Site Admin | August 9, 2025 11:56 AM | interstate meeting
স্বাধীনতা দিৱসৰ প্ৰাকমূহুৰ্তত বিভিন্ন ৰাজ্যৰ এখন সমন্বয় বৈঠক অনুষ্ঠিত