ডাউনলোড
মোবাইল এপ

android apple
signal

মণিপুৰত হিংসাত্মক পৰিস্থিতিৰ বাবে ৫খন জিলাৰ সীমান্তৱৰ্তী অঞ্চলত ইণ্টাৰনেট-মোবাইল সেৱা বন্ধ

মণিপুৰত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিৰ পাছত ৰাজ্যখনৰ পাঁচখন জিলাৰ সীমান্তৱৰ্তী অঞ্চলত ইণ্টাৰনেট আৰু মোবাইল সেৱা বন্ধ কৰাৰ উপৰি অনিৰ্দিষ্টকালৰ বাবে সান্ধ্য আইন জাৰি কৰা হৈছে। ৰাজ্যখনত মেইতেই সংগঠন অৰম্বাই টেংগলৰ সদস্য কানন সিঙকে ধৰি পাঁচজন নেতাক গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি সম্প্রদায়টোৰ লোকসকলে কৰা প্ৰতিবাদৰ ফলত পৰিস্থিতি পুনৰ উত্তপ্ত হৈ পৰে। ২০২৩ চনত ৰাজ্যখনত সংঘটিত হিংসাত্মক ঘটনাত উচটনি দিয়াৰ অভিযোগত নেতাকেইজনক চিবিআয়ে গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পাছতেই ৰাজধানী ইম্ফলৰ কেইবাঠাইটো প্ৰতিবাদকাৰীয়ে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰে। নেতাগৰাকীক ৰাজ্যৰ বাহিৰলৈ নিব পাৰে বুলি প্ৰকাশ পোৱাৰ পাছতে প্ৰতিবাদকাৰীয়ে ইম্ফল বিমানবন্দৰ ঘেৰাও কৰাৰ লগতে বিভিন্ন স্থানত অগ্নিসংযোগ কৰে। চিবিআইৰ সূত্ৰই প্ৰকাশ কৰা মতে মেইতেই সংগঠনৰ নেতাগৰাকীক ইম্ফলৰ পৰা গুৱাহাটীলৈ অনা হৈছে আৰু আৰক্ষীয়ে জিম্মাত লোৱাৰ বাবে তেওঁক আদালতত হাজিৰ কৰোৱা হ’ব। ৰাজ্যখনৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে পাঁচখন জিলাত ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। শনিবাৰে নিশা ১১ বাজি ৪৫ মিনিটৰ পৰা এই নিষেধাজ্ঞা কাৰ্যকৰী হৈছে। পশ্চিম ইম্ফল, পূব ইম্ফল, থৌবাল, বিষ্ণুপুৰ আৰু কাকচিং জিলাত এই নিষেধাজ্ঞা জাৰি কৰা হৈছে। মণিপুৰৰ গৃহ বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে নিৰাপত্তাজনিত কাৰণত জিলাকেইখনত এই ব্যৱস্থা গ্ৰহণ কৰা হয়। এই নিষেধাজ্ঞা উলংঘা কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলিও প্ৰকাশ কৰা হৈছে। ৰাষ্ট্ৰপতিৰ শাসনত থকা ৰাজ্যখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে আৰু ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই পৰিস্থিতি নিৰীক্ষণ কৰি আছে।

অধিক পঢ়ক

সকলো চাওক