ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্যৰ বিভিন্ন স্থানত আজি বিভিন্ন কাৰ্যসূচীৰে যোগ দিৱস উদযাপন

এক বিশ্ব এক স্বাস্থ্য মূল মন্ত্ৰৰে আজি ভাৰতৰ লগতে বিশ্বৰ বহুকেইখন দেশত একাদশ আন্তৰাষ্ট্ৰীয় যোগ দিৱস উদ্যাপন কৰা হয়। ৰাজ্যৰ বিভিন্ন স্থানতো আজি বিভিন্ন কাৰ্যসূচীৰে যোগ দিৱস উদযাপন কৰাৰ বাতৰি আমালৈ আহি আছে। অসম আৰক্ষীৰ উদ্যোগত আজি পুৱা গুৱাহাটীৰ কাহিলীপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বাহিনীৰ চৌহদত কেন্দ্ৰীয়ভাৱে যোগ দিৱস উদ্যাপন কৰা হয়। এই কাৰ্যসূচীত আৰক্ষী সঞ্চালক প্রধান হৰমিত সিঙৰ লগতে অন্যান্য বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকি যোগ অনুশীলনত অংশগ্ৰহণ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়তো বিবেকানন্দ কেন্দ্ৰৰ সহযোগত যোগ দিৱস পালন কৰা হয়। অনুষ্ঠানটি উদ্বোধন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড° ননীগোপাল মহন্তই যোগ দৈনন্দিন জীৱনৰ অপৰিহাৰ্য অংগ হোৱা উচিত বুলি ব্যক্ত কৰে। বজালী জিলা সদৰ পাঠশালাৰ হৰি মন্দিৰ প্ৰাঙ্গনত জিলা যোগ সমিতিৰ উদ্যোগত আন্তৰাষ্ট্ৰীয় যোগ দিৱস উদ্‌যাপন কৰা হয়। পশ্চিম কাৰ্বি আংলং জিলাৰ ভকচঙত কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য প্রভাত চন্দ্ৰ তাৰৱে আজি আন্তৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে যোগৰ বিভিন্ন মুদ্ৰাৰে যোগাভ্যাস কৰে ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।