ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস

আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। এই দিনটোতে ৰাষ্ট্ৰীয়, জাতিগত, ভাষিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সীমাৰ পৰিধি নেওচি মহিলাসকলক তেওঁলোকৰ সাফল্যৰ বাবে সন্মান জনোৱা হয়। ২০২৫ বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ বিষয়বস্তু হৈছে— ‘‘ সকলো মহিলা আৰু কিশোৰীৰ বাবেঃ অধিকাৰ, সমতা, সবলীকৰণ ’’। এই বিষয়বস্তুৰ জৰিয়তে প্ৰতিগৰাকী মহিলাৰ বাবে সমঅধিকাৰ, ক্ষমতা আৰু সুযোগ-সুবিধা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰা হৈছে।


ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই দিৱস উপলক্ষে আজি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মাজুলী জিলা মহিলা সমিতি আৰু আইন সাহায্য কোষৰ উদ্যোগত বনগাঁও আঞ্চলিক মহিলা সমিতিৰ সহযোগত পূব মাজুলীৰ বনগাঁৱত আজি দিনজোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হৈছে।
বাক্সা জিলাৰ জালাহ লক্ষ্মী মন্দিৰ প্ৰাংগণত আজি তৃণয়ন যোগ কেন্দ্ৰৰ উদ্যোগত আন্তর্জাতিক নাৰী দিৱস উপলক্ষে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই উপলক্ষে পুৱা ৬ বজাত ৰাষ্ট্ৰীয় বঁটা প্ৰাপক খেলুৱৈ ঊষা নাথৰ পৰিচালনাত যোগাভ্যাস কৰা হয়। ইয়াৰ পাছত এখন আলোচনা সভা আয়োজন কৰা হয়।
ওদালগুৰি জিলাৰ বৰঙাজুলি চাহ বাগিচাতো আদিবাসী মহিলাসকলৰ মাজত আজি আন্তর্জাতিক নাৰী দিৱস উদ্যাপন কৰা হৈছে। আন্তৰ্জাতিক নাৰী দিৱসৰ পতাকা উত্তোলন কৰি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে নাৰী সমাজৰ সমঅধিকাৰ, সমকল্যাণ আৰু সম্ভাৱনাৰ সুন্দৰ ভৱিষ্যতৰ বাবে মহিলাসকলক শুভেচ্ছা জনায়।