ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আজি আন্তঃৰাষ্ট্ৰীয় ঋতুস্রাৱ পৰিস্কাৰ-পৰিচ্ছন্নতা দিৱস

আজি আন্তঃৰাষ্ট্ৰীয় ঋতুস্রাৱ পৰিস্কাৰ-পৰিচ্ছন্নতা দিৱস। মহিলাসকলক নিৰাপদ ঋতুস্ৰাৱৰ উপকাৰিতাৰ বিষয়ে জনাবলৈ তথা এই সন্দৰ্ভত সজাগতা সৃষ্টি আৰু এই বিষয়ে মুকলিকৈ কথা পাতিবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ২৮ মে’ৰ দিনটো সমগ্ৰ বিশ্বতে ঋতুস্ৰাৱ পৰিস্কাৰ-পৰিচ্ছন্নতা দিৱস হিচাপে পালন কৰি অহা হৈছে। দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো আজি এই দিৱস উপলক্ষে বিভিন্ন সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গোলাঘাট জিলাৰ ৪ খনকৈ চাহ বাগিচাত যোৱা ২৬ মে’ৰ পৰা তিনি দিনীয়াকৈ মহিলাৰ স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু সজাগতা শিবিৰ অনুষ্ঠিত কৰা হয়। টাটা ট্ৰাষ্টৰ জলোধৰী প্ৰকল্পৰ অধীনত আয়োজিত এই শিবিৰসমূহ কাজিৰঙা হাতীখুলি, দিৰিং আৰু আন দুখন চাহ বাগিচাত পর্যায়ক্রমে অনুষ্ঠিত হয়। শিবিৰত বাগানত কাম কৰা মহিলা শ্ৰমিকসকলৰ মাজত ঋতুস্ৰাৱক লৈ থকা বিভিন্ন অন্ধবিশ্বাস দূৰ কৰি সজাগতা সৃষ্টি কৰাৰ লগতে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। ইফালে ঋতুস্ৰাৱ পৰিস্কাৰ-পৰিচ্ছন্নতা দিৱস উপলক্ষে মহানগৰ আৰক্ষীয়ে এছ এম আৰ চিৰ উদ্যোগত মহিলা আৰক্ষী বিষয়াসকলৰ বাবে কালি গুৱাহাটীত ঋতুস্ৰাৱ স্বাস্থ্য ব্যৱস্থাপনা সম্পৰ্কীয় সজাগতা কার্যসূচী গ্ৰহণ কৰে। মাজুলীতো স্বেচ্ছাসেৱী সংস্থা সাহসৰ উদ্যোগত সতৱা আৰু হৰিশ আৰু বিনা শ্বাহ ফাউণ্ডেশ্যনৰ সহযোগত গড়মূৰ আৰক্ষী থানাত বিশ্ব ঋতুস্রাৱ স্বচ্ছতা দিৱস পালন কৰা হয়। অনুষ্ঠানত বিষয়টোৰ গুৰুত্ব তথা ছেনিটেৰী পেডৰ স্বাস্থ্যজনিত আৰু পৰিৱেশজনিত প্রভাৱৰ বিষয়ে আলোচনা কৰা হয়।