ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আজিৰেপৰা ৪দিনীয়াকৈ আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আজিৰেপৰা চাৰিদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ কলা-সংস্কৃতি আৰু সাহিত্য বিষয়ক স্বেচ্ছাসেৱী অনুষ্ঠান ফ’কেলৰ উদ্যোগত আৰু বিশ্ববিদ্যালয়খনৰ সহযোগত এই মহোৎসৱৰ আয়োজন কৰা হৈছে। ভাৰতৰ লগতে বিশ্বৰ ২৫ খন দেশৰ লেখক-সাহিত্যিকে এই মহোৎসৱত অংশ ল’ব। ইটালী, ইংলেণ্ড, পর্তুগাল, ইউক্রেইন, স্পেইনকে ধৰি বিভিন্ন দেশৰ লেখক-সাহিত্যিকৰ লগতে ভাৰতৰ ভালেসংখ্যক খ্যাতনামা সাহিত্যিকে অনুষ্ঠানত ভাগ ল’ব। অনুৰাধা শৰ্মা পূজাৰী, অৰূপা পটংগীয়া কলিতা, বিপুল দেউৰী, কৰবী ডেকা হাজৰিকাৰ উপৰি নতুন প্ৰজন্মৰ কেইবাগৰাকীও লেখকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।