২৯ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত ভিলেজ ৰকষ্টাৰ-২ লৈ বিশেষ বঁটা

চলচিত্র নির্মাতা ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ-২ ছবিখনে দক্ষিণ কোৰিয়াৰ বুশ্বান চহৰত অনুষ্ঠিত ২৯ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ শিতানত বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰতীয় ফিচাৰ ফিল্ম হিচাপে মহোৎসৱত ছবিখনে কিম জিছিঅক বঁটা লাভ কৰে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ সফলতা লাভ কৰি ছবি নির্মাতা ৰীমা দাসে কয় যে, এছিয়ান চিনেমাৰ উৎকৰ্ষ সাধনৰ বাবে জীৱন উৎসৰ্গা কৰা এগৰাকী ব্যক্তিৰ সন্মানার্থে দিয়া কিম জিছিঅক বঁটা লাভ কৰাটো তেওঁৰ বাবে সঁচাকৈয়ে সৌভাগ্যৰ কথা। উল্লেখযোগ্য যে জিছিঅক প্ৰতিযোগিতা শিতানত নিৰ্বাচিত হোৱা ৮ খন ছবিৰ ভিতৰত একমাত্ৰ ভাৰতীয় ফিচাৰ ফিল্ম হিচাপে ভিলেজ ৰকষ্টাৰ-২ ছবিখন চিহ্নিত হৈছিল। ছবিখন ইতিমধ্যে মামী মুম্বাই ফিল্ম ফেষ্টিভেল ২০২৪ত দক্ষিণ এছিয়া প্রতিযোগিতাৰ শিতানত প্ৰদৰ্শন কৰা হৈছে। ৰীমা দাসৰ প্রযোজনাৰে নিৰ্মাণ কৰা ছবিখনত ভনিতা দাস, বাসন্তী দাস, জুনমণি বড়ো, বলোৰাম দাস আৰু মানবেন্দ্ৰ দাসে অভিনয় কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।