ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মাণ গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেঁতুৰ কাম ডিচেম্বৰ-জানুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে। গৌৰীপুৰত ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ কাৰ্য চলাই থকা ট্রাম্পেটৰ কামৰ অগ্ৰগতিৰ বুজ লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি এই বিষয়ে প্রকাশ কৰে। পৰিদৰ্শনকালত ড০ শৰ্মাই নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত প্ৰতিষ্ঠানৰ প্ৰতিনিধি, লোক নিৰ্মাণ বিভাগৰ বিষয়াৰ উপস্থিতিত ট্রাম্পেটৰ নিৰ্মাণ কাৰ্যৰ বিভিন্ন কাৰিকৰী দিশৰ বিষয়ে বিশদভাৱে পৰ্যালোচনা আৰু যাৱতীয় নির্দেশ দিয়ে।
Site Admin | June 25, 2025 8:54 PM | Inspection of North Guwahati Trumpet
গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী সেঁতুৰ নিৰ্মাণকাৰ্যৰ বুজ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই