দেশৰ ব্যক্তিগত খণ্ডৰ বৃহত্তম বিমান পৰিবহণ সংস্থা ইণ্ডিগ’ এয়াৰলাইন্সৰ পাইলটসকলৰ অসহযোগিতাকে ধৰি বিভিন্ন কাৰণত আজিও সমগ্ৰ দেশতে পৰিবহণ সংস্থাটোৰ বিমান সেৱা বেয়াকৈ ক্ষতিগ্রস্ত হয়। গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰতো আজি ইণ্ডিগ’ৰ কেইবাখনো বিমানৰ যাত্রা বাতিল কৰা হয় আৰু আন কেইবাখনো বিমান যথেষ্ট পলমকৈ চলাচল কৰে। অৱশ্যে ইণ্ডিগ’ কর্তৃপক্ষই তেওঁলোকৰ বিমানসমূহৰ যাত্রা বাতিল অথবা সময়সূচী সলনি সম্পর্কত কোনো আগতীয়া তথ্য প্রকাশ নকৰাৰ বাবে বিমানবন্দৰত আজিও বিশৃংখলতাৰ সৃষ্টি হয়। ডিব্ৰুগড়, লখিমপুৰ, যোৰহাট, তেজপুৰ আৰু ইটানগৰৰ সমীপৰ হলংগি বিমানবন্দৰৰ পৰা চলাচল কৰা ইণ্ডিগ’ৰ কেইবাখনো বিমানৰ যাত্ৰা আজি বাতিল হোৱাৰ ফলত যাত্রীসকলে দুর্ভোগ ভূগিবলগীয়া হয়। অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে পাইলটসকলৰ উৰণৰ আৰু জিৰণিৰ সময়সীমা নতুনকৈ নিৰ্ধাৰণ কৰাৰ ফলত দেশৰ সৰ্ববৃহৎ বিমান পৰিবহণ সংস্থাটোৰ বিমান পৰিচালনাৰ ক্ষেত্ৰত এনে বিসংগতিৰ সৃষ্টি হৈছে।
ইণ্ডিগ’ৰ এই অব্যৱস্থাৰ প্ৰসংগটো আজি সংসদৰ মজিয়াতো উত্থাপিত হয়। আজি ৰাজ্যসভাত শূন্যকালত কংগ্ৰেছৰ প্ৰমোদ তিৱাৰী আৰু শিৱসেনাৰ উদ্ধৱ থাকৰে গোটৰ প্ৰিয়ংকা চতুর্বেদীয়ে সমগ্র বিষয়টো সন্দর্ভত অসামৰিক বিমান পৰিবহণ মন্ত্ৰীৰ পৰা এটা বিবৃতি দাবী কৰে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰীৰ হৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে সদস্যসকলক এই বিষয়ত যথোপযুক্ত ব্যবস্থা গ্রহণ কৰা হ’ব বুলি আশ্বাস দিয়ে।
ইপিনে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে ইণ্ডিগ’ এয়াৰলাইন্সৰৰ বিমানৰ বাতিলকৰণ আৰু অস্বাভাৱিক বিলম্বৰ বিষয়টো অহৰহভাৱে নিৰীক্ষণ কৰাৰ বাবে তেওঁৰ মন্ত্ৰ্যালয়ত স্থাপন কৰা নিয়ন্ত্রণ কক্ষত আজি নিজেও পৰিস্থিতিৰ পৰ্যালোচনা কৰে। দেশৰ সকলো বিমানবন্দৰতে ইণ্ডিগ’ৰ বিমান সেৱা সময়মতে সম্পন্ন হোৱাৰ বাবে আগতীয়া ব্যৱস্থা গ্ৰহণ কৰিবলৈকো মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট সকলো পক্ষক নির্দেশ দিছে।