ডাউনলোড
মোবাইল এপ

android apple
signal

২০২৪ বৰ্ষৰ শেষৰ তিনিমাহত ভাৰতৰ ব্যৱসায় যথেষ্ট বৃদ্ধি পোৱা বুলি ৰাষ্ট্ৰসংঘৰ বাণিজ্য আৰু উন্নয়ন প্ৰতিষ্ঠানৰ প্ৰকাশ

ৰাষ্ট্ৰসংঘৰ বাণিজ্য আৰু উন্নয়ন প্ৰতিষ্ঠান (ইউ এন চি টি এ ডি)য়ে ২০২৪ বৰ্ষৰ শেষৰ তিনিমাহত ভাৰতৰ ব্যৱসায় যথেষ্ট বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰিছে। ইউ এন চি টি এ ডিৰ শেহতীয়া প্ৰতিবেদন অনুসৰি ২০২৪ বৰ্ষত বিশ্ব বাণিজ্য যথেষ্ট বৃদ্ধি পায় যদিও এই সময়ছোৱাত কেইবাখনো উন্নত ৰাষ্ট্ৰৰ ব্যৱসায় হ্রাস পায়। অৱশ্যে ভাৰতে এই সময়ছোৱাত গড় হাৰতকৈ উন্নত প্ৰদৰ্শন দেখুৱাবলৈ সমৰ্থ হয় আৰু দেশখনৰ আমদানি-ৰপ্তানি বৃদ্ধি পায়। প্ৰতিষ্ঠানটোৰ প্ৰতিবেদন অনুসৰি ২০২৪ বৰ্ষৰ বিশ্ব বাণিজ্যৰ পৰিমাণ এক লাখ ২০ হাজাৰ কোটি ডলাৰ বৃদ্ধি পাই ৩৩ লাখ কোটি ডলাৰ হয়। সেৱা খণ্ডৰ ৯ শতাংশ আৰু পণ্য সামগ্ৰীৰ বাণিজ্য ২ শতাংশ বৃদ্ধি পোৱাৰ বাবেই ২০২৪ বৰ্ষত বিশ্ব বাণিজ্যৰ পৰিমাণ বৃদ্ধি পোৱা বুলি কোৱা হৈছে।

অধিক পঢ়ক

সকলো চাওক