অপাৰেচন সিন্দূৰ সম্পৰ্কীয় ভাৰতৰ কূটনৈতিক প্ৰয়াস আৰু পাকিস্তানৰ পৃষ্ঠপোষকতাপ্রাপ্ত সন্ত্ৰাসবাদৰ স্বৰূপ উদঙাই দিয়াৰ উদ্দেশ্যে জে ডি ইউৰ সাংসদ সঞ্জয় কুমাৰ ঝাৰ নেতৃত্বত এটা সর্বদলীয় প্রতিনিধি দল আজি ৫ খন ৰাষ্ট্ৰলৈ বুলি ৰাওনা হয়। এই প্ৰতিনিধিৰ দলটোৱে ইন্দোনেছিয়া, মালয়েছিয়া, কোৰিয়া গণৰাজ্য, জাপান আৰু ছিংগাপুৰলৈ যাব আৰু সকলোধৰণৰ সন্ত্ৰাসবাদৰ সন্মুখীন হোৱাৰ বাবে গ্ৰহণ কৰা দেশৰ দৃঢ় দৃষ্টিভংগীৰ বিষয়ে অৱগত কৰিব। ৰাওনা হোৱাৰ পূৰ্বে নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰী ঝাই কয়, যে সন্ত্ৰাসবাদ পাকিস্তানৰ ৰাষ্ট্ৰনীতিৰ অংশ আৰু ইছলমাবাদ মহলে কিদৰে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰি আহিছে, সেই বিষয়ে তেওঁলোকে বিশ্বক জনাব। শিৱসেনাৰ সাংসদ শ্রীকান্ত সিন্দে নেতৃত্বত আন এটা প্ৰতিনিধি দল আজি সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্র – ইউ এ ই, লাইবেৰিয়া, কংগ’ গণতান্ত্ৰিক গণৰাজ্য আৰু চিয়ো লিঅ’ন অভিমুখে ৰাওনা হয়। পাকিস্তানৰ অভিসন্ধি আৰু ভাৰতৰ সফল সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ বিষয়ে আন্তঃৰাষ্ট্ৰীয় মহলক অৱগত কৰোৱাৰ উদ্দেশ্যে ৭টা বহুদলীয় প্রতিনিধি দল গঠন কৰা হৈছে। এই প্ৰতিনিধি দলসমূহে ৫ জুনৰ ভিতৰত মুঠ ৩২ খন দেশ ভ্ৰমণ কৰিব আৰু পাকিস্তানৰ পৃষ্ঠপোষকতাপ্রাপ্ত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ দৃঢ় স্থিতি আৰু সন্ত্ৰাসবাদৰ প্ৰতি ভাৰতৰ শূন্য সহনশীলতাৰ নীতিৰ বিষয়ে অৱগত কৰিব। উল্লেখযোগ্য যে বিদেশ সচিব বিক্রম মিশ্ৰীয়ে কালি নতুন দিল্লীৰ সংসদ ভৱনত তিনিটা প্ৰতিনিধি দলৰ সদস্যক ভ্ৰমণৰ বিভিন্ন দিশৰ বিষয়ে অৱগত কৰিছিল।
Site Admin | May 21, 2025 8:09 PM | Akashvani News | JD(U) MP Sanjay Kumar Jha | operation sindoor | Pakistan’s state policy
পাকিস্তানৰ পৃষ্ঠপোষকতাপ্রাপ্ত সন্ত্ৰাসবাদৰ স্বৰূপ উদঙাই দিয়াৰ উদ্দেশ্যে জে ডি ইউৰ সাংসদ সঞ্জয় কুমাৰ ঝাৰ নেতৃত্বত সর্বদলীয় প্রতিনিধি দল ৫ খন ৰাষ্ট্ৰলৈ বুলি ৰাওনা
