দেশত যোৱা ২৩ মে’ত সমাপ্ত হোৱা সপ্তাহটোত বিদেশী মুদ্ৰা ভাণ্ডাৰত জমা থকা ধনৰ পৰিমাণ ৬৯০ কোটি ডলাৰ বৃদ্ধি পাই ৬৯ হাজাৰ ২৭০ কোটি ডলাৰ হয়। ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা সাপ্তাহিক পাৰিসাংখ্যিক তথ্য অনুসৰি যোৱা সপ্তাহত বিদেশী মুদ্রা সম্পত্তি ৪৫০ কোটি ডলাৰ বৃদ্ধি পাই ৫৮ হাজাৰ ৬১০ কোটি ডলাৰ হয়গৈ ৷ একেদৰে বিদেশ মুদ্ৰা ভাণ্ডাৰত জমা থকা সোণৰ পৰিমাণ ২৩০ কোটি ডলাৰ বৃদ্ধি পাই ৮৩ হাজাৰ ৫৮ কোটি ডলাৰ হয়। ইপিনে, বিশেষ আহৰণ অধিকাৰ ৮ কোটি ১০ লাখ ডলাৰ বৃদ্ধি পাই ১৮ হাজাৰ ৫৭ কোটি ডলাৰ হৈছে। একেদৰে, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিত কেন্দ্ৰীয় বেংকৰ স্থিতিও ৩ কোটি ডলাৰ বৃদ্ধি পাই ৪৪০ কোটি ডলাৰ হৈছে ।
Site Admin | May 31, 2025 1:17 PM | India’s Forex Reserves Jump $69 Billion to Record $692 Billion
দেশত যোৱা ২৩ মে’ত সমাপ্ত হোৱা সপ্তাহটোত বিদেশী মুদ্ৰা ভাণ্ডাৰত জমা থকা ধনৰ পৰিমাণ ৬৯,২৭০ কোটি ডলাৰ
