আন্তঃৰাষ্ট্ৰীয় মহাকাশ অভিযানৰ নায়ক, গ্রুপ কেপ্তেইন শুভাংশু শুক্লাক দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আদৰণি

ভাৰতলৈ উভতি অহা আন্তঃৰাষ্ট্ৰীয় মহাকাশ অভিযানৰ নায়ক, গ্রুপ কেপ্তেইন শুভাংশু শুক্লাক আজি নিচেই পুৱাতে দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আদৰণি জনোৱা হয়৷ কেন্দ্রীয় মন্ত্রী ড০ জীতেন্দ্ৰ সিং, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু ইছৰোৰ অধ্যক্ষ ড০ ভি নাৰায়ণনে বিমানবন্দৰত আদৰণি জনায়। মহাকাশচাৰী শুভাংশু শুক্লাৰ পত্নী আৰু পুত্ৰয়ো বিমানবন্দৰত উপস্থিত থাকি তেওঁক ঘৰলৈ আদৰণি জনায়। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্র আইএছএছ ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতীয় গ্রুপ কেপ্তেইন শুভাংশু শুক্লাই মহাকাশ অভিযানৰ পাছত পুনৰ্বাসনৰ বাবে আমেৰিকাত কিছুদিন কটাই আজি নিচেই পুৱাতে ভাৰতত উপস্থিত হৈছেহি। উল্লেখযোগ্য যে বিশ্বৰ এগৰাকী আগশাৰীৰ মহাকাশচাৰী আৰু ভাৰতীয় বায়ুসেনাৰ বিষয়া শুভাংশু শুক্লা চলিত বৰ্ষৰ ২৫ জুনত ফ্ল’ৰিডাৰ কেনেডী মহাকাশ কেন্দ্ৰৰ পৰা উৰা মৰা এক্সিঅ’ম-4 অভিযানৰ পাইলট আছিল। এই অভিযানত তেওঁ মহাকাশত বৈজ্ঞানিক গৱেষণা আগবঢ়াই নিয়াৰ লক্ষ্যৰে কেইবাটাও মাইক্র’ গ্রেভিটি পৰীক্ষা- নিৰীক্ষা কৰিছিল। তেওঁ বিগত মাহৰ ১৫ তাৰিখে নিৰাপদে পৃথিৱীলৈ ঘুৰি আহিছিল। অহা বছৰৰ শেষৰফালে মুকলি হ’বলগীয়া ভাৰতৰ প্ৰথমটো মানৱ মহাকাশ অভিযান গগনযানৰ বাবে বাছনি কৰা মহাকাশচাৰীসকলৰ ভিতৰত শুভাংশু শুক্লা অন্যতম।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।