ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভাৰতৰ প্ৰথমটো সমবায়ভিত্তিক জৈৱ গেছ আৰু পটাছ গ্ৰেনুৱেল প্রকল্প মুকলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি ভাৰতৰ প্ৰথমটো সমবায়ভিত্তিক জৈৱ গেছ আৰু পটাছ গ্ৰেণুৱেল প্রকল্প মুকলি কৰে। ছাহাকৰ মহর্ষি শংকাৰো কোলহে নামৰ সমবায়ভিত্তিক এই প্ৰকল্পটো মহাৰাষ্ট্ৰৰ অহিল্যানগৰ জিলাত স্থাপন কৰা হৈছে। প্ৰকল্প মুকলি অনুষ্ঠানত অংশ লৈ শ্ৰীশ্বাহে কয়, যে জৈৱ গেছ আৰু পটাছ উৎপাদন আৰু বিপণনৰ ক্ষেত্ৰত এই প্ৰকল্পটো দেশৰ বাবে এটা অনুকৰণীয় আৰ্হি হৈ ৰ’ব। তেওঁ কয়, যে দেশত অতি শীঘ্ৰেই এনে ১৫টা সমবায়ভিত্তিক উদ্যোগ প্রতিষ্ঠা কৰা হ’ব আৰু এইক্ষেত্ৰত মহাৰাষ্ট্ৰই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। দেশত ইথানল প্রকল্প বৃদ্ধি কৰাৰ ক্ষেত্ৰতো এইধৰণৰ প্ৰকল্পসমূহে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব বুলিও শ্ৰীশ্বাহে প্ৰকাশ কৰিছে। তেওঁ লগতে কয়, যে এই প্ৰকল্পৰ সেউজ শক্তি আহৰণৰ পদক্ষেপে সমাজলৈ বিশেষ বৰঙণি আগবঢ়াব। অনুষ্ঠানত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবীছ, উপ-মুখ্যমন্ত্রীদ্বয় একনাথ সিন্দে আৰু অজিত পাৱাৰ, কেন্দ্ৰীয় সমবায় ৰাজ্য মন্ত্ৰী মূৰলীধৰ মহল, মন্ত্ৰী ৰাধাকৃষ্ণ পাটিল আৰু গিৰিশ মহাজনকে আদি কৰি কেইবাগৰাকী জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।