ভাৰতীয় ছুপাৰ লীগ ফুটবলত চেন্নাই এফ চিক ৩-০ গ’লত পৰাস্ত কেৰালা ব্লাষ্টাৰ্ছ এফ চিৰ

ভাৰতীয় ছুপাৰ লীগ ফুটবলত কেৰালা ব্লাষ্টাৰ্ছ এফ চিয়ে কালি কোচিৰ জৱাহৰলাল নেহৰু আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত চেন্নাই এফ চি দলক ৩-০ গ’লত পৰাস্ত কৰে। এই জয়ৰ জৰিয়তে কেৰালা ব্লাষ্টাৰ্ছৰ ৩খন খেলত হোৱা পৰাজয়ৰ ধাৰাবাহিকতাৰ অন্ত পৰে। দলটোৰ হৈ জেছাজ জিমেনেজে ৫৬ মিনিটত প্ৰথমটো গ’ল কৰে। প্রতিযোগিতাত আজি হায়দৰাবাদৰ জি এম চি বালায়োগী এথলেটিক ষ্টেডিয়ামত হায়দৰাবাদ এফ চি আৰু ওড়িশা এফ চি মুখামুখি হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।