ভাৰতীয় ৰে’লৱেই ৰে’লৱেৰ কাম-কাজ সম্পৰ্কীয় বিভ্ৰান্তিকৰ ভি ডি অ’ শ্বেয়াৰ কৰা ছ’ছিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰে’ল মন্ত্ৰ্যালয়ে এটা বিবৃতিযোগে কয়, যে এইবেলি উৎসৱৰ বতৰত ছ’ছিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে পুৰণি অথবা বিভ্ৰান্তিকৰ ভি ডি অ’ প্ৰচাৰ কৰা আৰু এনে ভিডিঅ’ৰ ফলত যাত্ৰীসকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হোৱা দেখা গৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, যাত্ৰীৰ মাজত অনাৱশ্যকীয় ভয়ৰ সৃষ্টি কৰা পুৰণি অথবা বিভ্ৰান্তিকৰ ভি ডি অ’ প্ৰচাৰ কৰাৰ বাবে জগৰীয়া ২০ টা ছ’ছিয়েল হেণ্ডেল চিনাক্ত কৰা হৈছে। মন্ত্ৰ্যালয়ে কয়, যে ৰে’লৱে প্ৰশাসনে এই ছ’ছিয়েল মিডিয়া ব্যৱহাৰীসকলৰ বিৰুদ্ধে এজাহাৰ ৰুজু কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু সমাজ বিৰোধী কাৰ্য্য-কলাপৰ ওপৰত নজৰ ৰখাৰ বাবে এটা অহর্নিশে খোলা থকা ছ’ছিয়েল মিডিয়া নিৰীক্ষণ ব্যৱস্থা গঢ়ি তুলিছে। মন্ত্রালয়ে সকলো ছ’ছিয়েল মিডিয়া ব্যৱহাৰীক সত্যাসত্য নিৰূপণ নকৰাকৈ ৰে’ল ষ্টেচনত ভীৰ হোৱাৰ অথবা অন্য ঘটনাৰ ভিডিঅ’ শ্বেয়াৰ কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে। মন্ত্ৰালয়ে লগতে যাত্ৰীসকলক ৰে’ল বিভাগৰ আনুষ্ঠানিক জাননী আৰু ৰে’ল মন্ত্ৰ্যালয়ৰ ছ’ছিয়েল মিডিয়া হেণ্ডেলৰ ওপৰত ভৰসা কৰিবলৈ অনুৰোধ জনাইছে।
Site Admin | October 18, 2025 9:36 PM | Indian Railways to Crack Down on Misleading Social Media Content
ৰে’লৱেৰ কাম-কাজ সম্পৰ্কীয় বিভ্ৰান্তিকৰ ভিডিঅ’ শ্বেয়াৰ কৰা ছ’ছিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত ভাৰতীয় ৰে’লৱেৰ