ডাউনলোড
মোবাইল এপ

android apple
signal

August 9, 2025 11:58 AM | Indian Railway

printer

এছিয়া মহাদেশৰ আটাইতৈক দীঘল ৰে’ল ৰুদ্ৰাষ্ট্ৰৰ পূৰ্ব পৰীক্ষণ সফলতাৰে সম্পন্ন

৪ দশমিক ৫ কিল’মিটাৰ দৈৰ্ঘ্যৰ মালবাহী ৰে’ল ৰুদ্ৰাষ্ট্ৰৰ পূৰ্ব পৰীক্ষণৰ যোগেৰে ভাৰতীয় ৰে’লৱেই সফলতাৰ অন্য মাত্ৰা লাভ কৰিছে। এই ৰে’লখনে ঘণ্টাত  ৪০ দশমিক  ৫.০ কিল’মিটাৰ গতিবেগেৰে৫ ঘণ্টা ১০ মিনিটত উত্তৰ প্ৰদেশৰ চান্দউলিৰ গাঞ্জখাউজা ৰে’ল ষ্টেচনৰ পৰা ঝাৰখণ্ডৰ গাৰৱালৈকে ২০৯ কিল’মিটাৰ পথ সামৰি লৈছে। মণ্ডল ৰে’ল প্ৰৱন্ধক উদয় সিং মীনাই কৈছে যে এই মালবাহী ৰে’লখনে ইষ্ট চেণ্টেল ৰে’লৱেৰ পণ্ডিত দীনদয়াল মণ্ডলৰ পৰা ধানবাদ সংমণ্ডললৈ সামগ্ৰীৰ ক্ষীপ্ৰ বোজাই আৰু পৰিবহন কৰিব। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰেলখনৰ পূৰ্ব পৰীক্ষণৰ ভিডিঅ’ শ্বেয়াৰ কৰি কৈছে যে ৰুদ্ৰাষ্ট্ৰ হৈছে ভাৰতৰ ৪দশমিক ৫ কিল’মিটাৰ দৈৰ্ঘ্যৰ মালবাহী ৰে’ল।সামগ্ৰীৰ বোজাই আৰু পৰিবহনেৰে এই ৰেলখনে সময় যথেষ্ট ৰাহি কৰিব। শ্ৰী মীনাই কয় যে ৰুদ্ৰাষ্ট্ৰত তিনিটা দীঘল ৰেক সংযোগ কৰা হৈছিল। ৰে’লখনত মুঠ ৩৪৫ টা ৱাগন সংযোগ কৰা হৈছে আৰু ইয়াৰে এটা খালী ৱাগনত ৭২ টন সামগ্ৰী বোজাই কৰা হৈছিল। দুটা সন্মুখ আৰু প্ৰতিটো  ৰেকৰ শেষত  এটাকৈ মুঠ ৫৯ টা ব’গীৰ শেষত ইঞ্জিন সংলগ্ন কৰা হৈছিল। মুঠ ৭ টা ইঞ্জিন ৰেলখনত ব্যৱহাৰ কৰা হৈছিল। এটা  ৰেকত ৫৯ টা ব’গী আছিল। তেওঁ কয় যে, ৫ খন মালবাহী ৰেল ইখনৰ পিছত সিখনকৈ শাৰী পাতি থকাৰ দৰে আছিল আৰু প্ৰথমখন মালবাহী ৰেলত দুটা ইঞ্জিন আছিল।

অধিক পঢ়ক

সকলো চাওক