ভাৰতীয় ৰে’লৱেৰ যাত্ৰীৰ আৰক্ষণ তালিকা প্ৰকাশৰ নিয়মৰ ক্ষেত্ৰত কালিৰেপৰা কেতবোৰ সালসলনি ঘটাইছে। সেই অনুসৰি পুৱা ৫ বজাৰ পৰা দিনৰ ২ বজাৰ ভিতৰত যাত্ৰা কৰিবলগীয়া ৰে’লগাড়ীৰ ক্ষেত্ৰত আৰক্ষণ তালিকা আগদিনা নিশা ৯ বজাত প্ৰকাশ কৰা হ’ব। দিনৰ ২ বজাৰ পৰা পিছদিনা পুৱা ৫ বজা পর্যন্ত যাত্ৰা কৰিবলগীয়া ৰে’লগাড়ীৰ আৰক্ষণ তালিকা যাত্ৰাৰ ৮ ঘণ্টা পূৰ্বে প্ৰকাশ কৰা হ’ব। এই নিয়মাৱলী অৱশ্যে আৰক্ষণৰ দ্বিতীয় তালিকা প্ৰকাশৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব বুলি ৰে’ল ব’ৰ্ডৰ এখন বিজ্ঞপ্তিত কোৱা হৈছে ৷
Site Admin | July 3, 2025 7:14 PM | Indian Railway
যাত্ৰীৰ আৰক্ষণ তালিকা প্ৰকাশৰ নিয়মৰ ক্ষেত্ৰত কেতবোৰ সালসলনি ভাৰতীয় ৰে’লৱেৰ
