January 21, 2026 12:10 PM | Indian Railway

printer

স্থানীয় শিল্প নৈপুণ্যতাক উদগনি যোগোৱাত ভাৰতীয় ৰে’ল বিভাগৰ অ এছ অ পি আঁচনি গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে পৰিগণিত

সমগ্ৰ দেশৰ স্থানীয় শিল্প নৈপুণ্যতাক উদগনি যোগোৱা আৰু দীর্ঘস্থায়ী জীৱিকাৰ সুযোগ সৃষ্টিৰ ক্ষেত্ৰত ভাৰতীয় ৰেল বিভাগৰ এটা ষ্টেচন-এবিধ সামগ্রী চমুকৈ অ এছ অ পি আঁচনি গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে পৰিগণিত হৈছে। ৰেল মন্ত্র্যালয়ে জনোৱা মতে, দুহেজাৰতকৈ অধিক ৰেল ষ্টেচনত ৰূপায়ণ কৰা এই আঁচনিৰ জৰিয়তে লাভ কৰা প্ৰত্যক্ষ বজাৰে ১ লাখ ৩২ হাজাৰতকৈ অধিক শিল্পী, শিপিনী আৰু ক্ষুদ্র ব্যবসায়ীক লাভান্বিত কৰিছে। মন্ত্র্যালয়ে লগতে কয়, যে বাণিজ্যক সংস্কৃতিৰ সৈতে একত্ৰিত কৰি ৰেল বিভাগে ষ্টেচনসমূহক স্থানীয় উদ্যোগ কেন্দ্ৰলৈ পৰিৱৰ্তিত কৰিছে। এটা ষ্টেচন-এবিধ সামগ্রী উদ্যমে সম্প্রদায়সমূহৰ সৱলীকৰণ আৰু দেশৰ চহকী পৰম্পৰাগত হস্তশিল্পৰ সংৰক্ষণৰ জৰিয়তে ভোকেল ফৰ লোকেল দৃষ্টিভংগীক প্রতিফলিত কৰিছে। স্থানীয় ঐতিহ্যক ৰাষ্ট্ৰীয় ৰেল নেটৱৰ্কৰ সৈতে সংযোজিত কৰাৰ ফলত যাত্রীসকলে সু-অভিজ্ঞতা লাভ কৰাৰ লগতে ই সমন্বিত অর্থনৈতিক বিকাশতো অবিহনা যোগাইছে। এই আঁচনিৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ বাঁহেৰে নির্মিত সামগ্রী আৰু হস্তনির্মিত মৃৎশিল্প, মচলাজাতীয় সামগ্রী আদিকে ধৰি দেশৰ কোনো কোনো অঞ্চলত বিশেষভাবে নির্মিত সামগ্রীসমূহে ব্যাপক প্ৰসাৰ লাভতো সমর্থ হৈছে।