আইচিচি টি-২০ বেটিঙৰ ৰেংকিঙৰ দ্বিতীয় স্থানত সূর্য কুমাৰ যাদৱ

সূর্য কুমাৰ যাদৱে কালি জাৰি কৰা পুৰুষৰ আই চি চি টি-২০ বেটিঙৰ ৰেংকিঙত দ্বিতীয় স্থান অক্ষুন্ন ৰাখিছে। ভাৰতৰ আন এগৰাকী খেলুৱৈ যশস্বী জয়ছৱালে তালিকাত ষষ্ঠ স্থান লাভ কৰিছে। আনহাতে, ৰুতুৰাজ গাইকোৱাডে এটা স্থান তললৈ নামি অষ্টম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। অলপতে জিম্বাব’ৱেৰ বিৰুদ্ধে অনুষ্ঠিত টি-২০ শৃংখলাত ৪-১ ফলাফলত জয়লাভ কৰাৰ বাবে শেহতীয়া ৰেংকিঙত ভাৰতীয় খেলুৱৈসকলৰ স্থান উন্নীত হৈছে। পুৰুষৰ টি-২০ অলৰাউণ্ডাৰৰ ৰেংকিঙত ভাৰতৰ অকল হার্দিক পাণ্ডিয়াই স্থান লাভ কৰিবলৈ সক্ষম হৈছে। তালিকাত পাণ্ডিয়াই ষষ্ঠ স্থান লাভ কৰিছে। শ্ৰীলংকাৰ ৱানিণ্ডু হাছৰাংগাই এই তালিকাৰ শীর্ষস্থান অক্ষুণ্ণ ৰাখিছে। ইফালে পুৰুষৰ টেষ্ট বেটিঙৰ ৰেংকিঙত ৰোহিত শৰ্মাই ষষ্ঠ আৰু যশস্বী জয়ছৱালে অষ্টম স্থান লাভ কৰিছে। প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে এটা স্থান তললৈ নামি দশম স্থান অধিকাৰ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।