এফ আই এইচ প্ৰ’ হকী লীগৰ এখন খেলত স্পেইনক ২-০ গ’লত পৰাস্ত ভাৰতৰ

এফ আই এইচ প্ৰ’ হকী লীগৰ ২০২৪-২০২৫ত কালি ভাৰতৰ পুৰুষ দলটোৱে ভুৱনেশ্বৰত অনুষ্ঠিত এখন খেলত স্পেইনক ২-০ গ’লত পৰাস্ত কৰে। মনদ্বীপে প্ৰথমটো গ’ল আৰু দিলপ্রীতে দ্বিতীয়টো গ’ল দি বিজয়ৰ পথ প্ৰশস্ত কৰে। ইয়াৰ পূৰ্বে ইংলেণ্ডৰ মহিলা দলটোৱে ভাৰতৰ বিৰুদ্ধে দ্বিতীয়খন খেলত জয়লাভ কৰি পইন্ট তালিকাত গুৰুত্বপূৰ্ণ বিবেচিত দুই পইণ্ট সংযোজন কৰিবলৈ সমর্থ হয়। অহা ১৮ ফেব্ৰুৱাৰীত ভাৰতীয় মহিলা দলটোৱে পুনৰ আন এখন খেলত স্পেইনৰ মুখামুখি হ’ব।