November 4, 2025 8:07 PM | Indian Army

printer

নতুন দিল্লীত সেনা বাহিনী ক্রীড়া সমাৰোহ-২০২৫ আয়োজন

ভাৰতীয় সেনা বাহিনীয়ে আজি নতুন দিল্লীত সেনা বাহিনী ক্রীড়া সমাৰোহ-২০২৫ আয়োজন কৰিছে। ২০৩৬ চনৰ দেশৰ অলিম্পিক অভিযানৰ প্ৰতি লক্ষ্য ৰাখি সেনাবাহিনীৰ শ্ৰেষ্ঠ খেলুৱৈসকলক আগুৱাই নিয়াৰ দায়বদ্ধতাৰে এই সমাৰোহ আয়োজন কৰা হৈছে। বিভিন্ন ক্রীড়া সংস্থাৰ সৈতে সহযোগিতাৰে আৰু এথলিট থ্রি ছিক্সটি শীর্ষক অভিযান এই দুটা মূল বিষয়েৰে এই সমাৰোহৰ আয়োজন কৰা হৈছে। এই সমাৰোহত সেনা বাহিনীৰ মুৰব্বী জেনেৰেল উপেন্দ্র দ্বিবেদীয়ে দেশৰ ক্ৰীড়াক্ষেত্ৰলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে সেনাবাহিনীৰ তিনিগৰাকী বিশিষ্ট ক্রীড়াবিদক জীৱনজোৰা সাধনা বঁটা প্রদান কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।