ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভাৰতৰ ইউপিআই আৰু ইউএইৰ এএএনআই আন্তঃসংযোগৰ কাম চলি আছেঃ কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল

কেন্দ্রীয় বাণিজ্য মন্ত্রী পিয়ুষ গোৱেলে কয় যে, ভাৰত আৰু ইউ এ ই চৰকাৰে ভাৰতৰ ইউ পি আই আৰু ইউ এ ইৰ-এ এ এন আই আন্তঃসংযোগৰ কাম কৰি আছে। ইয়াৰ জৰিয়তে দুয়োখন দেশৰ মাজত চলি থকা লেনদেনৰ সুবিধা অধিক শক্তিশালী হব। ইযাৰ দ্বাৰা ইউ এ ইত বাস কৰা ৩০ লাখতকৈ অধিক ভাৰতীয় উপকৃত হব যাৰ ফলত ইউ পি আই আৰু এ এ এন আই শক্তি ব্যৱহাৰ কৰিব পাৰিব। মুম্বাইত আজি বিনিয়োগ সন্দৰ্ভত ভাৰত আৰু ইউ এ ইৰ মাজত অনুষ্ঠিত উচ্চ পৰ্যায়ৰ যৌথ টাস্কফোৰ্চৰ দ্বাদশ বৈঠকৰ পাছত সংবাদ মেল সম্বোধন কৰি শ্রীগোৱেলে এইদৰে কয়। এই বৈঠকত সহ সভাপতি আছিল আবুধাবি বিনিযোগ কৰ্তৃপক্ষৰ পৰিচালন সঞ্চালক এইচ এইচ শেখ হামিদ বীন জায়েদ অল নাহিয়ান। তেওঁ লগতে কয় যে, ইউ এ ইয়ে ভাৰতত খাদ্য উদ্যান স্থাপন কৰিবলৈ সন্মত হৈছে আৰু দুইৰ পৰা আঢ়ৈ বছৰৰ বাবে এই খাদ্য উদ্যানসমূহত প্ৰায় ২ বিনিয়ন ডলাৰৰ বিনিয়োগৰ আশা কৰা হৈছে বুলি গোৱেলে কয় যে, এই খাদ্য উদ্যানে ইউ এ ইৰ খাদ্য সুৰক্ষা নিশ্চিত কৰাৰ লগতে বৃদ্ধি কৰাত সহায় কৰিব। ইয়াৰ দ্বাৰা ভাৰতীয় কৃষকৰ আয় বৃদ্ধিৰ লগতে যুৱক-যুৱতীসকলে চাকৰিৰ সুবিধা লাভ কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।