July 31, 2025 9:27 AM | trump india mou

printer

পহিলা আগষ্টৰ পৰা ভাৰত-আমেৰিকাৰ দ্বিপাক্ষিক বাণিজ্যত ২৫% শুল্ক আৰোপ কৰা হ’ব বুলি ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ ঘোষণা বিবেচনাৰ অৰ্থে গ্ৰহণ ভাৰতৰ

অহা পহিলা আগষ্টৰ পৰা ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বিপাক্ষিক বাণিজ্যত ২৫ শতাংশ শুল্ক আৰোপ কৰা হ’ব বুলি ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ ঘোষণাক ভাৰতে বিবেচনাৰ অৰ্থে গ্ৰহণ কৰিছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ এটা বিবৃতিত কোৱা হৈছে যে চৰকাৰে ইয়াৰ প্ৰয়োগ সন্দৰ্ভত অধ্যয়ন কৰি আছে। বিবৃতিত লগতে কোৱা হৈছে যে চৰকাৰে ৰাষ্ট্ৰীয় স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব। একেদৰে অন্যান্য বাণিজ্যিক চুক্তি বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে ব্যাপক অৰ্থনৈতিক আৰু বাণিজ্য চুক্তিকো সামৰি লোৱা হৈছে। মন্ত্ৰালয়ে লগতে বিবৃতিটোত কৈছে যে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই বিগত কেইবামাহ ধৰি স্বচ্ছ, ভাৰসাম্য আৰু পাৰস্পৰিক লাভজনক বাণিজ্য চুক্তিৰ সম্পাদনত বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে। চৰকাৰে খেতিয়ক, উদ্যমী আৰু অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ সুৰক্ষা আৰু প্ৰসাৰত গুৰুত্ব প্ৰদান কৰা কৰিছে বুলিও বিবৃতিটোত প্ৰকাশ কৰা হৈছে। ইপিনে দেশৰ বৃহৎ ব্যৱসায়িক সংস্থা ফিক্কি- এফ আই চি চি আইয়ে আমেৰিকাই যুক্তৰাষ্ট্ৰই ৰপ্তানিকৃত সামগ্ৰীত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে। সংস্থাটোৰ অধ্যক্ষ হৰ্ষবৰ্ধন আগৰৱালাই কয়, যে এয়া অতি দুৰ্ভাগ্যজনক আৰু দেশৰ ৰপ্তানিত বিৰোপ প্ৰভাৱ পৰিব ৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।