বিশ্বৰ দুগ্ধ উৎপাদনৰ শীর্ষ স্থানত ভাৰত

বিশ্বৰ দুগ্ধ উৎপাদনত ২৫ শতাংশ অৱদানেৰে দুগ্ধ উৎপাদনত ভাৰতে শীর্ষ স্থান লাভ কৰিছে। বিগত ৯ বছৰত দেশৰ দুগ্ধ উৎপাদনৰ বাৰ্ষিক বিকাশ দৰ প্ৰায় ৬ শতাংশ হাৰত বৃদ্ধি পাইছে। ইয়াৰ বিপৰীতে প্ৰতি বছৰে বিশ্ব দুগ্ধ উৎপাদন বৃদ্ধিৰ হাৰ হৈছে ২ দশমিক ১ শতাংশ। ৰাজ্যসভাত আজি এটা লিখিত উত্তৰত মীন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে কয় যে, সমবায় আৰু ব্যক্তিগত ডেইৰীসমূহে উৎপাদন ব্যয় আৰু বজাৰৰ ওপৰত ভিত্তি কৰি গাখীৰৰ ক্ৰয় মূল্য আৰু বিক্ৰী মূল্য নির্ণয় কৰে।