দেশৰ প্ৰতিৰক্ষা উৎপাদনৰ ক্ষেত্ৰক অধিক প্ৰসাৰিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পৰিসৰৰ সংস্কাৰ কাৰ্যসূচী গ্ৰহণ

কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিৰক্ষা উৎপাদনৰ ক্ষেত্ৰক অধিক প্ৰসাৰিত কৰাৰ বাবে বৃহৎ পৰিসৰৰ সংস্কাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। এৰো ইণ্ডিয়া ২০২৫ৰ পূৰ্বে নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰদূতসকলৰ ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি এই কথা প্রকাশ কৰে। তেওঁ দৃঢ়তাৰে কয় যে প্ৰতিৰক্ষা ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা আৰু প্ৰযুক্তিগত সহযোগিতা শক্তিশালী কৰাৰ বাবে এই সংস্কাৰ প্ৰক্ৰিয়াৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে। মহাকাশ খণ্ড আৰু অত্যাধুনিক প্ৰযুক্তিৰ সফল বিকাশত ভাৰতৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰী সিঙে কয় যে ভাৰত বৰ্তমান চতুৰ্থ প্ৰজন্মৰ যুঁজাৰু বিমান, পাৰমানবিক চাবমেৰিণ, মুখ্য যুদ্ধ টেংক আৰু আন্তঃমহাদেশীয় বেলিষ্টিক ক্ষেপনাস্ত্র উৎপাদন কৰিব পৰা বিশ্বৰ নিৰ্বাচিত কেইখনমান দেশৰ মাজত স্থান লাভ কৰিছে। ফ্ৰান্সৰ বিমান নির্মাণ সংস্থা এয়াৰবাছৰ সহযোগত ভাৰতত চি- ২৯৫ বিমান নিৰ্মাণ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ এটা উৎকৃষ্ট নিদর্শন বুলি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ভাৰতীয় মহাকাশ আৰু প্ৰতিৰক্ষা খণ্ডই নতুন উদ্যোগ আৰু অংশীদাৰিত্ব বিচৰা বিদেশী কোম্পানীসমূহৰ বাবে প্ৰভূত সুযোগ আনি দিছে বুলিও প্ৰতিৰক্ষা মন্ত্ৰী সিঙে প্ৰকাশ কৰে ৷