ভাৰতে পহলগাম সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ১৯৬০ চনৰ সিন্ধু জল চুক্তি বাতিল আৰু ততালিকে কাৰ্যকৰী হোৱাকৈ আট্টাৰী সংহত চকী বন্ধকে ধৰি ভালেমান কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। কালি বিয়লি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত অনুষ্ঠিত মন্ত্ৰীসভাৰ সুৰক্ষা বিষয়ক কমিটীৰ বৈঠকত দেশৰ সামগ্রিক সুৰক্ষা পৰিস্থিতিৰ পৰ্যালোচনা কৰা হয় আৰু সকলো সুৰক্ষা বাহিনীক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়া হয়।
নতুন দিল্লীত যোৱা নিশা সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিদেশ সচিব বিক্রম মিশ্রীয়ে কয় যে এতিয়াৰে পৰা পাকিস্তানী নাগৰিকসকলক ছাৰ্ক ভিছা ৰেহাই আঁচনিৰ অধীনত ভাৰতলৈ অহাৰ অনুমতি প্ৰদান কৰা নহ’ব। তেওঁ কয় যে পাকিস্তানী নাগৰিকসকলক ইতিপূৰ্বে জাৰি কৰা এই ভিছা বাতিল বুলি গণ্য কৰা হ’ব। তেওঁ লগতে কয় যে ছাৰ্ক ভিছাৰ অধীনত সম্প্ৰতি ভাৰতত থকা পাকিস্তানী নাগৰিকসকলে ৪৮ ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগ কৰিব লাগিব।
নতুন দিল্লীৰ পাকিস্তানী উচ্চায়োগত থকা প্ৰতিৰক্ষা, সামৰিক, নৌ সেনা আৰু বায়ু সেনাৰ উপদেষ্টাসকলে এসপ্তাহৰ ভিতৰত ভাৰত ত্যাগ কৰিব লাগিব বুলি বিদেশ সচিবগৰাকীয়ে জানিবলৈ দিয়ে। ভাৰতেও ইছলামাবাদৰ ভাৰতীয় উচ্চায়োগৰ পৰা ইয়াৰ প্ৰতিৰক্ষা, নৌ আৰু বায়ু সেনা উপদেষ্টাসকলক ঘূৰাই আনিব । তেওঁ কয় যে দুয়োখন দেশৰ উচ্চায়োগৰ এই পদসমূহ অপ্রাসঙ্গিক বুলি গণ্য কৰা হ’ব। উচ্চায়োগৰ উপদেষ্টাসকলৰ পাঁচগৰাকী সহযোগী কৰ্মচাৰীকো আঁতৰ কৰা হ’ব। বিদেশ সচিবগৰাকীয়ে কয় যে উচ্চায়োগত নিয়োজিত কৰ্মচাৰীৰ সংখ্যা পহিলা মে’ৰ পৰা ৫৫ৰ পৰা ৩০লৈ হ্ৰাস কৰা হ’ব। তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত সুৰক্ষা বিষয়ক কেবিনেট কমিটীৰ বৈঠকত পহলগামত মঙলবাৰে সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বিষয়ে অৱগত কৰোৱা হয়। এই আক্ৰমণৰ সৈতে সীমান্তৰ সিপাৰৰ যোগসূত্ৰৰ বিষয়েও আলোচনা কৰা হয়। জম্মু-কাশ্মীৰত অনুষ্ঠিত সফল বিধানসভা নির্বাচন আৰু ৰাজ্যখনৰ দ্ৰুত অর্থনৈতিক বিকাশ আৰু উন্নয়নৰ বাবে এই আক্রমণ সংঘটিত হোৱা বুলি বৈঠকত উল্লেখ কৰা হয়। মন্ত্ৰীসভাৰ সুৰক্ষা বিষয়ক কমিটীয়ে কঠোৰ ভাষাৰে এই আক্রমণক গৰিহণা দিয়ে আৰু আক্ৰমণৰ বলি হোৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। কেবিনেট কমিটীয়ে লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। নিৰাপত্তা সংস্থাই পহলগাম সন্ত্রাসবাদী আক্ৰমণৰ সৈতে জড়িত ৪ জন সন্ত্ৰাসবাদীৰ ফটো প্ৰকাশ কৰিছে। ছাইফুল্লা খালিদক এই আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰী হিচাপে চিনাক্ত কৰা হৈছে। ছাইফুল্লা ওৰফে ছাইফুল্লা কছুৰীয়ে বিগত দুমাহ ধৰি অঞ্চলটোত আক্ৰমণৰ ষড়যন্ত্ৰ ৰচা বুলি তথ্য পোহৰলৈ আহিছে। অসম সহ দেশৰ বিভিন্ন প্ৰান্তত পহলগামৰ আক্ৰমণৰ বিৰুদ্ধে জনসাধাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে।