নতুন দিল্লীত ভাৰত-ছিংগাপুৰ মন্ত্ৰী পৰ্যায়ৰ ঘূৰণীয়া মেজমেলৰ তৃতীয়লানি বৈঠক

ভাৰত-ছিংগাপুৰ মন্ত্ৰী পৰ্যায়ৰ ঘূৰণীয়া মেজমেলৰ তৃতীয়লানি বৈঠক আজি নতুন দিল্লীত অনুষ্ঠিত হয়। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে নেতৃত্ব দিয়া এই বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেল তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ উপস্থিত থাকে। বৈঠকত ছিংগাপুৰৰ প্ৰতিনিধিসকলক দেশখনৰ উপ-প্রধানমন্ত্ৰী তথা বাণিজ্য আৰু উদ্যোগ মন্ত্রী গান কিম ইয়ঙে নেতৃত্ব দিয়ে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ড০ জয়শংকৰে ভাৰত-ছিংগাপুৰ ব্যাপক কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বাবে ধন্যবাদ জনায়। এই মন্ত্ৰী পৰ্যায়ৰ বৈঠকত ভাৰত-ছিংগাপুৰ ব্যৱসায় ঘূৰণীয়া মেজমেলৰ প্ৰতিনিধিসকলৰ সৈতে ফলপ্রসূ আলোচনা অনুষ্ঠিত হয় বুলি ড০ জয়শংকৰে প্ৰকাশ কৰে। ইপিনে, বিত্ত মন্ত্ৰালয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত উল্লেখ কৰে যে বিগত বৰ্ষত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছিংগাপুৰ ভ্ৰমণৰ সময়তে দেশ দুখনৰ মাজত দ্বিপাক্ষিক সম্পর্ক ব্যাপক কৌশলগত অংশীদাৰিত্বলৈ পৰিণত হ’ল আৰু এই বৈঠকৰ সময়ত মন্ত্ৰীসকলে এই কথাকে সোঁৱৰে। দুয়োখন দেশে ডিজিটেলাইজেশ্যন, দক্ষতা বিকাশ, বহনক্ষমতা, স্বাস্থ্য সেৱা আৰু ঔষধ, উন্নত উৎপাদন আৰু যোগাযোগকে ধৰি ভাৰত-ছিংগাপুৰ মন্ত্ৰী পৰ্যায়ৰ ঘূৰণীয়া মেজমেলত চিনাক্ত কৰা ছটা মূল স্তম্ভৰ বিষয়ত আলোচনা কৰে। উল্লেখযোগ্য যে মন্ত্ৰী পৰ্যায়ৰ এই তৃতীয়লানি বৈঠকে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ প্ৰসাৰ আৰু সুদৃঢ় কৰাৰ ক্ষেত্ৰত নতুন নতুন দিশ মুকলি কৰিব বুলি আশা কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।