ডাউনলোড
মোবাইল এপ

android apple
signal

ভাৰতৰ ২০৩০ চনৰ ভিতৰত মূল্যৰ হিচাপত বৈদ্যুতিন উৎপাদনৰ ৫০ হাজাৰ কোটি ডলাৰ লাভৰ লক্ষ্য নিৰ্ধাৰণ

ভাৰতে ২০৩০ চনৰ ভিতৰত মূল্যৰ হিচাপত বৈদ্যুতিন উৎপাদনৰ ৫০ হাজাৰ কোটি ডলাৰ লাভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই অভিলাষী লক্ষ্যত সম্পূর্ণ সামগ্ৰী নিৰ্মাণৰ পৰা ৩৫০ বিনিয়ন ডলাৰ আৰু উপাদান নিৰ্মাণৰ পৰা ১৫০ বিলিয়ন ডলাৰ অন্তৰ্ভুক্ত কৰা হৈছে। কালি নতুন দিল্লীত নীতি আয়োগৰ ভাইচ চেয়াৰমেন সুমন বেৰীয়ে ইলেকট্রনিক্স পাৱাৰিং ইণ্ডিয়াৰ পাৰ্টিচিপেচন ইন গ্ল’বেল ভেল্যু ছেইনছ শীর্ষক প্রতিবেদনখন উন্মোচন কৰে। প্ৰতিবেদনত ভাৰতৰ ইলেকট্রনিক্স খণ্ডৰ বিস্তৃত বিশ্লেষণ কৰা হৈছে য’ত ইয়াৰ সম্ভাৱনা আৰু প্ৰত্যাহ্বান সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াৰ উপৰি ইলেকট্রনিক্সৰ বাবে ভাৰতক বিশ্বব্যাপি উৎপাদন কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ প্ৰয়োজনীয় নির্দিষ্ট হস্তক্ষেপৰ ৰূপৰেখা দাঙি ধৰে। আধুনিক উৎপাদনত গ্ল’ৱেল ভেল্যু ছেইনসমূহ অতি গুৰুত্বপূৰ্ণ। ইয়াত ডিজাইন, উৎপাদন, বিপনন আৰু বিতৰণৰ মাজেৰে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা জড়িত হৈ আছে। প্ৰতিবেদনত ভাৰতৰ ইলেকট্রনিক্স খণ্ডই দ্রুত বৃদ্ধিৰ অভিজ্ঞতা লাভ কৰিছে বুলি উল্লেখ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।