ভাৰত আৰু ৰাছিয়াই আজি প্ৰতিৰক্ষা, বাণিজ্য, অর্থনীতি, শিক্ষা, স্বাস্থ্যসেৱা, সংস্কৃতি আৰু সংবাদমাধ্যমৰ সৈতে জড়িত কেইবাখনো চুক্তিত স্বাক্ষৰ কৰে। নতুন দিল্লীত অনুষ্ঠিত ২৩ সংখ্যক ভাৰত ৰাছিয়া বার্ষিক সম্মিলনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে যুটীয়াভাবে সংবাদমাধ্যমক সম্বোধন কৰি কয় যে, ৰাষ্ট্ৰপতি পুটিনৰ এই ভ্ৰমণৰ সময়তে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পর্কই ঐতিহাসিক ক্ষণত উপনীত হৈছে। তেওঁ কয় যে যোৱা ১০ বছৰত বিশ্বই বহু উত্থান-পতন দেখিছে আৰু এই সকলোবোৰতে ভাৰত ৰাছিয়াৰ সম্পর্ক অধিক সফল হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে দুয়োখন দেশে সহযোগিতাৰে ইউৰীয়া উৎপাদন কৰিব। তেওঁ আৰু কয়, যে ৰাষ্ট্রপতি পুটিনে প্রায় ২৫ বছৰ আগতে কৌশলগত অংশীদাৰিত্বৰ ভেটি স্থাপন কৰিছিল। তেওঁ লগতে কয়, যে ২০১০ চনত এই অংশীদাৰিত্ব বিশেষ কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰা হৈছিল। বৈঠকৰ সময়ত দুয়োগৰাকী নেতাই ২০৩০ চনলৈকে ভাৰত ৰাছিয়াৰ অৰ্থনৈতিক সহযোগিতাৰ কৌশলগত ক্ষেত্ৰসমূহ উন্নয়নৰ বাবে কাৰ্যসূচী গ্ৰহণ কৰে। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ অগ্রগতি পৰ্যালোচনা কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বিশ্বব্যাপি বিষয়সমূহৰ ওপৰতো মত বিনিময় কৰে।
Site Admin | December 5, 2025 7:58 PM | INdia-Russai
ভাৰত আৰু ৰাছিয়াৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰ