ভাৰত আৰু ৰাছিয়াই প্ৰতিৰক্ষা, বাণিজ্য, অর্থনীতি, শিক্ষা, স্বাস্থ্যসেৱা, সংস্কৃতি আৰু সংবাদমাধ্যমৰ সৈতে জড়িত ১৬ খন চুক্তিত কালি স্বাক্ষৰ কৰে। নতুন দিল্লীত ২৩ সংখ্যক ভাৰত-ৰাছিয়া বার্ষিক শীর্ষ সম্মিলনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এখন যুটীয়া সংবাদমেলত কয় যে, ভাৰত ৰাছিয়াৰ মিত্ৰতাই গোলকীয় প্রত্যাহ্বানসমূহৰ মুখামুখি হোৱাৰ অধিক শক্তি যোগাব আৰু এই আস্থাই দুয়োখন দেশৰ ভৱিষ্যত সম্পর্ক অধিক সুদৃঢ় কৰিব। ভাৰত আৰু ৰাছিয়াই সন্ত্রাসবাদৰ বিৰুদ্ধে যুঁজখনত একেলগে থিয় দিছে বুলি উল্লেখ কৰি শ্রীমোদীয়ে কয়, যে মানৱতাৰ মূল্যবোধক সন্ত্রাসবাদে পোনপটীয়াকৈ নস্যাৎ কৰে বুলি ভাৰতে বিশ্বাস কৰে। তেওঁ লগতে গোলকীয় একতা সন্ত্রাসবাদৰ বিৰুদ্ধে বৃহৎ শক্তি বুলি উল্লেখ কৰে।
প্রধানমন্ত্রী মোদীয়ে কয়, যে দুয়োখন দেশে ইউৰেছিয়ান অর্থনৈতিক সংগঠনৰ সৈতে মুক্ত বাণিজ্য চুক্তি শীঘ্ৰেই সম্পন্ন কৰাৰ দিশত কাম কৰি আছে। ভাৰতে অতি সোনকালে ৰাছিয়াৰ নাগৰিকৰ বাবে ৩০ দিনীয়া বিনামূলীয়া ই-পর্যটক ভিছা আৰু ৩০ দিনীয়া গ্রুপ পর্যটক ভিছা মুকলি কৰিব বুলি প্রধানমন্ত্রীয়ে ঘোষণা কৰে। তেওঁ কয়, যে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পর্কই বহু ঐতিহাসিক মাইলৰ খুঁটি অতিক্রম কৰাৰ সময়ত ৰাষ্ট্ৰপতি পুটিনে ভাৰত ভ্ৰমণ কৰিছে। তেওঁ কয়, যে বিগত ১০ বছৰত বিশ্বই বহু উত্থান-পতন দেখিছে আৰু এই সকলোবোৰৰৰ মাজত ভাৰত-ৰাছিয়াৰ সম্পৰ্ক অধিক সফল হৈছে।
২৩ সংখ্যক ভাৰত-ৰাছিয়া বার্ষিক শীর্ষ সম্মিলনৰ পাছত এটা যুটীয়া বিবৃতিত দুয়োখন দেশে বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক আৰু বহুপাক্ষিক সহযোগিতা শক্তিশালী কৰাৰ দিশত নিজৰ প্ৰতিশ্রুতিবদ্ধতাক দোহাৰে। ইয়াৰ ভিতৰত সন্ত্রাসবাদ, উগ্রবাদ, আন্তঃৰাষ্ট্ৰীয় সংগঠিত অপৰাধ, কলাধন বৈধকৰণ, সন্ত্রাসবাদীক পুঁজি যোগান, অবৈধ মাদকদ্রব্য সৰবৰাহ আদিকে ধৰি বিভিন্ন ক্ষেত্ৰৰ প্ৰত্যাহ্বানসমূহৰ সৈতে একেলগে মোকাবিলা কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। দুয়োগৰাকী নেতাই সকলো প্ৰকাৰৰ সন্ত্রাসবাদ প্রতিহত কৰাৰ দিশত তেওঁলোকৰ প্রতিশ্রুতিবদ্ধতাক দোহাৰি পেহেলগাম, জম্মু-কাশ্মীৰ আৰু ৰাছিয়াৰ ক্ৰ’কাছ চিটী হলত হোৱা সন্ত্রাসবাদী আক্রমণক গৰিহনা দিয়ে। দুয়োখন দেশে লগতে অল কায়দা, আইছিছ-ডায়েছ আৰু তেওঁলোকৰ সহযোগী সংগঠনসমূহকে ধৰি ৰাষ্ট্ৰসংঘৰ তালিকাভুক্ত সকলোবোৰ সন্ত্রাসবাদী গোটৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনে কালি ভাৰত-ৰাছিয়াৰ ব্যৱসায় মঞ্চৰ বৈঠকতো সহ অধ্যক্ষতা কৰে।