ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দেশত সম্প্ৰতি COVID সংক্ৰমিত লোকৰ সংখ্যা ৬,৮১৫

দেশত সম্প্ৰতি ৬,৮১৫ জন লোকৰ দেহত COVIDৰ সংক্ৰমণ ধৰা পৰিছে। বৰ্তমানলৈকে ৭,৬৪৪গৰাকী COVID ৰোগীক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে। COVIDত দিল্লী, ঝাৰখণ্ড আৰু কেৰালাত এজনকৈ লোকৰ মৃত্যু হৈছে। অৱশ্যে এই লোককেইজন শ্বাস-প্রশ্বাসজনিত সমস্যা, উচ্চ ৰক্তচাপ, নিউম’নিয়াকে ধৰি বিভিন্ন ৰোগত আক্রান্ত আছিল বুলি স্বাস্থ্য মন্ত্ৰালয়ে প্রকাশ কৰিছে। মন্ত্ৰালয়ে COVIDৰ এই নতুন প্ৰকাৰক লৈ ভীতিগ্ৰস্ত নহ’বলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। ইপিনে, মণিপুৰ বিশ্ববিদ্যালয়ৰ এগৰাকী শিক্ষাৰ্থীৰ দেহত COVIDৰ সংক্ৰমণ ধৰা পৰাৰ কথা ৰাজ্যখনৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ে সদৰী কৰিছে। মণিপুৰ স্বাস্থ্য সেৱা সঞ্চালক ডাঃ চেম্ব’ গ’লমেই আকাশবাণীৰ বাতৰি বিভাগক এই সন্দৰ্ভত কয়, যে সম্প্রতি ইম্ফলত এটা ভাৰাঘৰত বাস কৰা বিষ্ণুপুৰ জিলাৰ ছাত্ৰীগৰাকীৰ দেহত COVIDৰ সংক্ৰমণ চিনাক্ত কৰা হয়। সঞ্চালকগৰাকীয়ে COVID প্ৰতিৰোধৰ বাবে মণিপুৰ চৰকাৰ সম্পূর্ণৰূপে সাজু আছে বুলি উল্লেখ কৰি জনসাধাৰণক ভীতিগ্রস্ত নহ’বলৈ আৰু এইক্ষেত্ৰত থকা নীতি-নির্দেশনাসমূহ মানি চলিবলৈ আহ্বান জনায়৷