August 6, 2025 1:49 PM | india philipinse

printer

ভাৰত-ফিলিপাইনছৰ অংশীদাৰিত্ব দুয়োখন দেশৰ জনসাধাৰণৰ বাবে লাভদায়ক, শান্তি, স্থিৰতা আৰু সমৃদ্ধিৰ আধাৰঃ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কয়, যে ভাৰত-ফিলিপাইনছৰ অংশীদাৰিত্ব কেৱল দুয়োখন দেশৰ জনসাধাৰণৰ বাবে লাভদায়ক নহয়, বৰং এয়া হৈছে এই খণ্ডৰ শান্তি, স্থিৰতা আৰু সমৃদ্ধিৰ আধাৰ। ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফার্দিনান্দ ৰোমুএলডেজ মার্কোছ জুনিয়ৰৰ প্ৰথম ভাৰত ভ্ৰমণক স্বাগমত জনাই ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয়, যে দুয়োখন দেশৰ মাজৰ ব্যাপক সহযোগিতাত দীৰ্ঘদিন ধৰি থকা উচ্চ পৰ্যায়ৰ সম্পৰ্ক, বৰ্ধিত ব্যৱসায় আৰু বাণিজ্য, সামুদ্রিক ক্ষেত্ৰ আৰু উন্নয়ন অংশীদাৰিত্বকে ধৰি শক্তিশালী প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতা জড়িত হৈ আছে। তেওঁ কয়, যে ভাৰত আৰু ফিলিপাইনছৰ মাজত দীৰ্ঘদিনীয়া মিত্ৰতাৰ সম্পৰ্ক আছে আৰু ই সভ্যতাজোৰা সম্পর্ক, ঐতিহাসিক সম্বন্ধ আৰু পাৰস্পৰিক মূল্যবোধৰ ওপৰত আধাৰিত। শ্ৰীমতী মুৰ্মুৱে উল্লেখ কৰে যে, দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পর্কক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ ফলত ভাৰত আৰু ফিলিপাইনছৰ মাজত বহুপাক্ষিক সহযোগিতা বৃদ্ধি পাব। তেওঁ লগতে ফিলিপাইনছ চৰকাৰক পেহেলগামৰ বৰ্বৰ সন্ত্ৰাসবাদী আক্রমণক কঠোৰভাৱে গৰিহনা দিয়াৰ লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুঁজক সমৰ্থন কৰাৰ বাবে ধন্যবাদ জনায়। তেওঁ ফিলিপাইনছৰ সৈতে উন্নয়নমূলক সহযোগিতাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথাও দোহাৰে। এই ক্ষেত্ৰত তেওঁ দেশখনৰ থলুৱা সম্প্ৰদায়ৰ লোকসকলৰ দৈনন্দিন জীৱন উপকৃত কৰাৰ লক্ষ্যৰে ৰূপায়ণ কৰা তাৎক্ষণিক প্ৰভাৱ প্ৰকল্পৰ কথা উল্লেখ কৰে ৷ ভাৰত আৰু ফিলিপাইনছৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ সময়ত ৰাষ্ট্ৰপতি মাৰ্কোছ জুনিয়ৰৰ এই ভ্রমণে দুয়োখন দেশৰ মাজত শক্তিশালী সম্পর্ক গঢ়ি তোলাত সহায় কৰিব বুলি দুয়োগৰাকী নেতাই বিশ্বাস ব্যক্ত কৰে। শ্ৰীমতী মুৰ্মুৱে অতিথি ৰাষ্ট্ৰপতিগৰাকীৰ সন্মানাৰ্থে ভোজমেলৰো আয়োজন কৰে ৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।