ভাৰত আৰু ফিলিপাইনছৰ মাজত ৯ খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

ভাৰত আৰু ফিলিপাইনছে আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফাৰ্দিনান্দ ৰোমুএলডেজ মাৰ্কো জুনিয়ৰৰ উপস্থিতিত ৯ খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিকেইখনে ভাৰত আৰু ফিলিপাইনছৰ মাজৰ কৌশলগত অংশীদাৰিত্ব, অপৰাধজনিত বিষয়, সামৰিক বাহিনী, আইন আৰু বিজ্ঞান তথা প্ৰযুক্তিবিদ্যাৰ লগতে বহুকেইটা বিষয় সামৰি লৈছে। এখন সংবাদ মেল সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, যে ফিলিপাইনছৰ ৰাষ্ট্ৰপতিজনৰ এই ভাৰত ভ্ৰমণ বিশেষভাৱে উল্লেখনীয়, কিয়নো এই বৰ্ষত ভাৰত আৰু ফিলিপাইনছে কূটনৈতিক সম্পৰ্কৰ ৭৫ টা বছৰ অতিক্ৰম কৰিছে। তেওঁ কয়, যে দেশ দুখনৰ মাজৰ সম্পৰ্ক বহু পুৰণি। তেওঁ লগতে ৰাষ্ট্ৰপতিজনে পেহেলগামৰ আক্ৰমণৰ নিন্দা কৰা তথা সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে যুঁজ দিয়াৰ সময়ত প্ৰতিবাৰে  দেশখনে শক্তিশালীভাৱে সমৰ্থন আগবঢে়াৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে জনায় যে ভাৰত আৰু ফিলিপাইনছৰ বিকাশৰ সৈতে জডি়ত অংশীদাৰিত্বৰ কেইবাটাও দ্ৰুত লাভালাভৰ প্ৰকল্পৰ সংখ্যা ভাৰতে এতিয়াৰ পৰা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ লগতে ভাৰতে ফিলিপাইনছৰ স্বতন্ত্ৰ তথ্য অধিকোষ আন্তঃগাথনিৰ বিকাশৰ ক্ষেত্ৰতো সহযোগিতা আগবঢ়াব বুলি জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যে দেশ দুখনৰ দ্বিপাক্ষিক বাণিজ্যৰ পৰিসৰ ক্ৰমাত্ বৃদ্ধি পাইছে আৰু বৰ্তমান এই অৰ্থৰ পৰিমাণে ৩০০ কোটি ডলাৰ অতিক্ৰম কৰিছে। তেওঁ লগতে ইণ্ডিয়া –আছিয়ানৰ বাণিজ্য চুক্তিখন সোনকালে পৰ্যালোচনা কৰি সম্পূৰ্ণ কৰা হ’ব বুলিও জানিবলৈ দিয়ে। ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফাৰ্দিনান্দ ৰোমুঅলডেজ জুনিয়ৰে ভাৰত চৰকাৰৰ সুন্দৰ আতিথ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰি দুয়োখন দেশৰ সামৰিক আৰু সুৰক্ষাৰ দিশৰ সহযোগিতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰে। তেওঁ লগতে ভাৰতৰ স্থানীয় সামৰিক উদ্যোগৰ অংশীদাৰিত্বৰে ফিলিপাইনছৰ সামৰিক বাহিনীক আধুনিক ৰূপত গঢি় তুলিবলৈ সক্ষম হোৱাৰ বাবেও সন্তুষ্টি প্ৰকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।