আজি চতুর্দশ ভাৰতীয় অংগদান দিৱস, নতুন দিল্লীত অংগদান সজাগতা কাৰ্যসূচীৰ আয়োজন

সমগ্র দেশতে আজি চতুর্দশ ভাৰতীয় অংগদান দিৱস পালন কৰা হৈছে। এই উপলক্ষে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় অংগ আৰু কলা সংৰোপণ সংস্থাই নতুন দিল্লীত অংগদান সজাগতা কাৰ্যসূচীৰ আয়োজন কৰে। অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্য মন্ত্ৰী অনুপ্রিয়া পেটেলে মস্তিষ্ক মৃত্যু ঘোষণা হোৱাৰ পাছত পৰিয়ালৰ সদস্যক অংগদান কৰা লোকসকলক সম্বর্ধনা জনায়। তেওঁ লগতে অংগ লাভ কৰা আৰু সফল অংগ সংৰোপণৰ বাবে এখন বিভিন্ন প্ৰান্তৰ একাংশ চিকিৎসককো সম্বৰ্ধনা জ্ঞাপন কৰে। তেওঁ কয় যে, বিগত ১০ বছৰত অংগ দানৰ হাৰ চাৰি গুণ বৃদ্ধি পাই ১৮ হাজাৰ ৩৭৮ হৈছে। শ্ৰীমতী পেটেলে চিকিৎসকসকলৰ প্ৰয়াস অংগদান কৰা লোকসকলৰ পৰিয়ালক ভূয়সী প্ৰশংসা কৰে৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি নিটি আয়োগৰ সদস্য ডাঃ ভি কে পালে অংগদানৰ বিষয়ে সজাগতাৰ সৃষ্টিৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে। তেওঁ সমগ্ৰ দেশৰ মাল্টি স্পেচিয়েলিটি চিকিৎসালয়সমূহক অংগ সংৰোপণৰ সুবিধা উপলব্ধ কৰাবলৈ আহ্বান জনায়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ সচিব অপূৰ্ব চন্দ্ৰ আৰু বিভিন্ন ৰাজ্য তথা চিকিৎসা প্ৰতিষ্ঠানৰ কেইবাগৰাকীও জ্যেষ্ঠ চিকিৎসক অনুষ্ঠানত উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।