মৰিচাছৰ প্ৰধানমন্ত্রী নবীচন্দ্ৰ ৰামগুলামৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিচাছৰ ৰাষ্ট্ৰীয় দিৱস উদযাপন অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব। শ্রীমোদী কালি মৰিচাছৰ প্ৰধানমন্ত্রী নবীচন্দ্ৰ ৰামগুলামৰ সৈতে ফলপ্রসূ আলোচনাত মিলিত হয়। প্রধানমন্ত্ৰী মোদী তেওঁৰ দুদিনীয়া মৰিচাছ ভ্ৰমণৰ অংশ হিচাপে কালি পোর্ট লুইত দেশখনৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে এখন বৈঠকত মিলিত হৈ ভাৰত আৰু মৰিচাছৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰাৰ বিভিন্ন বিষয়ত আলোচনা কৰে। দুয়োগৰাকী নেতাই দেশ দুখনৰ মাজৰ সম্পৰ্কক  নতুন শিখৰলৈ লৈ যোৱাৰ বাবে দ্বিপাক্ষিক সম্পর্ক, দুয়োখন দেশৰ মাজৰ সম্প্ৰতি চলি থকা সহযোগিতাৰ পৰ্যালোচনা কৰাৰ লগতে নতুন নতুন ক্ষেত্ৰৰ অন্বেষণৰ সন্দৰ্ভত আলোচনা কৰে। বৈঠকত প্ৰতিৰক্ষা, সুৰক্ষা, অর্থনীতি আৰু সংস্কৃতিৰ আদান-প্ৰদান সন্দৰ্ভত মূলতঃ আলোচনা কৰা হয়। শ্রীমোদীয়ে কয় যে মৰিচাছৰ বিশ্বাসযোগ্য উন্নয়নৰ অংশীদাৰ হ’বলৈ পাই ভাৰতে গৌৰৱবোধ কৰে আৰু দুয়োখন দেশে গোলকীয় দক্ষিণৰ বিষয়সমূহৰ প্ৰসাৰৰ বাবে একেলগে কাম কৰি যাব। ইয়াৰ পাছত শ্ৰীমোদী প্রধানমন্ত্ৰী ৰামগুলামে আয়োজন কৰা নৈশভোজত অংশ লয়। তেওঁ কয় যে ভাৰত-মৰিচাছ অংশীদাৰিত্ব কেৱল ইয়াৰ ঐতিহাসিক সম্পৰ্কৰ মাজতে সীমাবদ্ধ হৈ থকা নাই। এই সম্পর্ক মূল্যবোধ, পাৰস্পৰিক বিশ্বাস আৰু এটা উজ্জ্বল ভৱিষ্যতৰ দিশত সমূহীয়া দৃষ্টিভংগীৰ ওপৰত আধাৰিত হৈ আছে। অনাগত সময়ত দুয়োখন দেশে জনসাধাৰণৰ উন্নয়ন তথা সমগ্ৰ খণ্ডৰ শান্তি আৰু নিৰাপত্তাৰ দিশত একেলগে কাম কৰি যাব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। দুদিনীয়া ভ্ৰমণসূচীৰে কালি পুৱা মৰিচাছলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশখনৰ প্ৰধানমন্ত্ৰী নৱীচন্দ্ৰ ৰামগুলামে বিমান বন্দৰত আদৰণি জনায়। এই দুদিনীয়া ভ্ৰমণকালত প্রধানমন্ত্রী মোদীয়ে দেশখনত ভাৰতৰ পুঁজিৰে নিৰ্মাণ কৰা দক্ষতা বিকাশৰ পৰা আৰম্ভ কৰি আন্তঃগাঁথনিলৈকে বিভিন্ন খণ্ডৰ ২০টাৰো অধিক প্রকল্প মুকলি কৰিব। দুয়োখন দেশে যোগ্যতা বিকাশ, বাণিজ্য আৰু বিত্তীয় অপৰাধকে ধৰি বিভিন্ন ক্ষেত্ৰত কেইবাখনো সহযোগিতামূলক চুক্তিত স্বাক্ষৰ কৰাৰ আশা আছে।