ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

December 23, 2024 12:20 PM | India-kuwait

printer

সন্ত্ৰাসবাদ বিৰোধী অভিযানত সহযোগিতা বৃদ্ধিৰ বাবে ভাৰত আৰু কুৱেইটৰ সন্মতি প্ৰদান

ভাৰত আৰু কুৱেইটে সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদকে ধৰি ইয়াৰ সকলো ৰূপ আৰু প্ৰকাশভংগীক গৰিহণা দিছে। দুয়োখন দেশেই সন্ত্ৰাসবাদৰ বিত্তীয় নেটৱৰ্ক আৰু নিৰাপদ আশ্রয়স্থল বিঘ্নিত কৰাৰ লগতে ইয়াৰ আন্তঃগাঁথনি ভাঙি পেলাবলৈও সকলোলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কুৱেইট ভ্ৰমণৰ সময়ছোৱাত দুয়ো পক্ষই সন্ত্ৰাসবাদ বিৰোধী অভিযান, চাইবাৰ নিৰাপত্তা আৰু সন্ত্ৰাসবাদ প্ৰতিৰোধৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বিভিন্ন দিশসমূহৰ বিষয়ে আলোচনা কৰে। বৈদেশিক মন্ত্ৰ্যালয়ে এটা যুটীয়া বিবৃতিযোগে প্ৰকাশ কৰে যে, দুয়োখন দেশে সন্ত্ৰাসবাদ বিৰোধী অভিযানত সহযোগিতা বৃদ্ধিৰ বাবে সন্মতি প্ৰদান কৰিছে। বিবৃতিটোত লগতে কোৱা হৈছে যে দুয়োপক্ষই আইন প্ৰৱৰ্তনকাৰী সংস্থাসমূহক সহযোগিতা আগবঢ়োৱা, ধন তথা নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় অপৰাধ প্ৰতিৰোধৰ ক্ষেত্ৰটো সহযোগিতা আগবঢ়াব বুলি সন্মতি প্ৰদান কৰিছে।