নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু ইজৰাইলৰ কৃষিমন্ত্ৰী অৱি দিখটেৰৰ কৃষি খণ্ডত দ্বিপাক্ষিক সহযোগিতা সম্পৰ্কীয় কেইবাখনো চুক্তিত স্বাক্ষৰ

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু ইজৰাইলৰ কৃষিমন্ত্ৰী অৱি দিখটেৰে আজি নতুন দিল্লীত কৃষি খণ্ডত দ্বিপাক্ষিক সহযোগিতা সম্পৰ্কীয় কেইবাখনো চুক্তিত স্বাক্ষৰ কৰে। বৈঠকত শ্রীচৌহানে কয়, যে ভাৰত আৰু ইজৰাইলৰ মাজৰ দ্বিপাক্ষিক সহযোগিতা ক্ৰমাৎ বৃদ্ধি পাইছে। দুয়োখন ৰাষ্ট্ৰই কৃষি, উদ্ভাৱন, পানী আৰু প্ৰযুক্তি ক্ষেত্ৰত সহযোগিতাৰ উৎকৃষ্ট নিদৰ্শন আগবঢ়াইছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীচৌহানে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ক্ষুদ্র কৃষকৰ বাবে খেতি অধিক লাভদায়ক কৰি তোলাৰ বাবে প্ৰচেষ্টা অব্যাহত আছে। পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্রীচৌহানে কয়, যে বৈঠকত অনাগত সময়ত খাদ্য সুৰক্ষা সম্পৰ্কীয় প্ৰত্যাহ্বান দূৰ কৰাৰ বাবে ল’বলগীয়া কৌশল সম্পর্কে গঠনমূলক আলোচনা হয়। তেওঁ কয়, যে বৈঠকত বর্ধিত তাপমাত্রাতো অধিক উৎপাদন নিশ্চিত কৰাৰ উদ্দেশে জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ কম কৰিব পৰা বীজ বিকশাই তোলাত গুৰুত্ব আৰোপ কৰা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।