ভাৰত আৰু ইজৰাইলে মৎস্য আৰু জলজ কৃষি খণ্ডত সহযোগিতা শক্তিশালী কৰাৰ উদ্দেশ্যে এখন যুটীয়া মন্ত্রীপৰ্যায়ৰ ঘোষণা পত্ৰত স্বাক্ষৰ কৰিছে। ইজৰাইলত অনুষ্ঠিত ব্লু ফুড ছিকিউৰিটি: ছি দ্যা ফিউছাৰ ২০২৬ শীর্ষক দ্বিতীয় গোলকীয় সন্মিলনত এই ঘোষণা পত্ৰত স্বাক্ষৰ কৰা হয়। মৎস্য, পশুপালন আৰু দুগ্ধ মন্ত্র্যালয়ে এটা বিবৃতিত প্ৰকাশ কৰা মতে এই ঘোষণাপত্ৰৰ জৰিয়তে উন্নত জলজ কৃষি পদ্ধতি, মৎস্য পালন আৰু ক্ষমতা নিৰ্মাণৰ ক্ষেত্ৰত যুটীয়া গৱেষণা আৰু বিকাশত গুৰুত্ব দিয়া হ’ব। তদুপৰি জেনেটিক উন্নীত কাৰ্যসূচী, সামুদ্রিক কৃষি আৰু ইজৰাইলৰ জল সংৰক্ষণ পদ্ধতিৰ জৰিয়তে জলজ কৃষি ব্যৱস্থাপনা আদি বিষয়ো অন্তর্ভুক্ত হ’ব। এই ঘোষণা পত্ৰৰ জৰিয়তে নীল অর্থনীতিৰ বিকাশত সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্যৰে মৎস্য পালন আৰু জলজ কৃষি খণ্ডত স্টার্টআপ সমূহক সমর্থন আগবঢ়োৱাৰ ক্ষেত্ৰতো গুৰুত্ব দিয়া হ’ব বুলি মন্ত্র্যালয়ে উল্লেখ কৰিছে।
ইজৰাইলৰ এইলাটত অনুষ্ঠিত তিনিদিনীয়া গোলকীয় সম্মিলনৰ কালি সামৰণি পৰে। মৎস্য পালন, পশু পালন আৰু দুগ্ধ দপ্তৰৰ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে সম্মিলনত ভাৰতক প্রতিনিধিত্ব কৰে।