নতুন দিল্লীত ভাৰত-ইৰানৰ ১৯সংখ্যক বিদেশ মন্ত্ৰালয় পৰ্যায়ৰ পৰামৰ্শ বৈঠক

ভাৰত আৰু ইৰানৰ মাজত কালি নতুন দিল্লীত ১৯ সংখ্যক বিদেশ মন্ত্ৰালয় পৰ্যায়ৰ পৰামৰ্শ বৈঠক অনুষ্ঠিত হয়। বৈঠকত চাবাহাৰ বন্দৰ, কৃষি সহযোগিতা বাণিজ্য আৰু অৰ্থনীতিৰ লগতে সাংস্কৃতিক আৰু জনসাধাৰণৰ মাজত সম্পর্ককে ধৰি দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ সমগ্ৰ বিষয়ত পর্যালোচনা কৰা হয়। বিদেশ সচিব বিক্ৰম মিশ্ৰী আৰু ইৰানৰ উপ-বিদেশমন্ত্রী মাজিদ টখত ৰাৱনচিয়ে বৈঠকত অধ্যক্ষতা কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে এটা বিবৃতিত প্ৰকাশ কৰা অনুসৰি বৈঠকত আফগানিস্তান, পশ্চিম এছিয়া আৰু দক্ষিণ ক’কেছাচৰ সাম্প্ৰতিক পৰিস্থিতিকে ধৰি বৰ্তমানৰ বিভিন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিকাশৰ বিষয়ত আলোচনা কৰা হয়। বিদেশ সচিব মিশ্রীয়ে আফগানিস্তানৰ অৰ্থনৈতিক উন্নয়নত সমৰ্থন আগবঢ়োৱাৰ ক্ষেত্ৰত চাবাহাৰ বন্দৰৰ গুৰুত্বৰ কথা উল্লেখ কৰে। দুয়োখন দেশে ৰাষ্ট্ৰসংঘ, ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠী আৰু চাংহাই সহযোগিতা সংস্থাকে ধৰি বহুপাক্ষিক ক্ষেত্ৰত সহযোগিতা গভীৰ কৰি তোলাৰ প্রতিশ্রুতিবদ্ধতাক দোহাৰে৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।