September 11, 2024 8:18 PM | Hockey India

printer

ভাৰত পুৰুষৰ এছিয় চেম্পিয়নছ ট্রফি হকী প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ

ভাৰতে পুৰুষৰ এছিয় চেম্পিয়নছ ট্রফি হকী প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। যোৱাবাৰৰ ছেম্পিয়ন ভাৰতে আজি চীনৰ হুলুনবুইৰত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত মালয়েছিয়াক ৮-১ গলৰ ব্যৱধানত পৰাস্ত কৰি একেৰাহে তৃতীয়খন খেলত জয়লাভ কৰে আৰু শীৰ্ষৰ ৪ টা দলৰ ভিতৰত স্থান নিশ্চিত কৰে। আজিৰ খেলখনত ভাৰতৰ হৈ ৰাজকুমাৰ পালে ৩ টা গল দিয়াৰ বিপৰীতে অইজিত সিং হুন্দলে ২ টা, যুগৰাজ সিং, হৰমন প্রীত সিং আৰু উত্তম সিঙে একোটাকৈ গল দিয়ে। ভাৰতে ইয়াৰ পূৰ্বে চীন আৰু জাপানৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰিছিল ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।