ভাৰতে পৰ্যটনৰ মূল দৃষ্টিভংগীৰ সৈতে সংযোগ স্থাপন কৰি আগবাঢ়ি গৈছে বুলি পর্যটন বিভাগৰ ৰাজ্য মন্ত্ৰী সুৰেশ গোপীয়ে মন্তৱ্য কৰিছে| আজি নতুন দিল্লীত বিশ্ব পর্যটন দিৱস উপলক্ষে আয়োজিত এটা অনুষ্ঠানত ভাষণ প্ৰদান কৰি গোপীয়ে কয় যে চৰকাৰৰ উড়ান আঁচনিয়ে পর্যটনস্থলীসমূহৰ সৈতে যোগাযোগ ব্যৱস্থাক উন্নত কৰি স্থানসমূহক অধিক সুগম কৰি তুলিছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে স্বদেশ দর্শন 2.0 ৰ দৰে প্ৰচেষ্টাই পৰ্যটনক্ষেত্ৰসমূহৰ বহনক্ষম উন্নয়নৰ দিশত গুৰুত্ব আৰোপ কৰাৰ লগতে আৰু প্ৰসাদ আঁচনিখনে দেশৰ তীৰ্থস্থানসমূহৰ উন্নয়ন নিশ্চিত কৰিছে। নীতি আয়োগৰ উপ সঞ্চালক সুমন ব্ৰেৰীয়ে তেওঁৰ ভাষনত বিদেশী পৰ্যটনৰ প্ৰচাৰৰ সমান্তৰালকৈ দেশৰ নাগৰিকসকলৰ বাবে পৰ্যটন ব্যৱস্থাক সুলভ আৰু সুগম কৰি তোলাৰ ক্ষেত্ৰত মুখামুখি হোৱা প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰে। তেওঁ কয় যে অর্থনৈতিক পৰিৱৰ্তন, পৰিৱেশ নিয়ন্ত্ৰণ আৰু সামাজিক অন্তৰ্ভুক্তিৰ বাবে পৰ্যটন হৈছে শক্তিশালী মাধ্যম। শ্রী ব্ৰেৰীয়ে লগতে কয় যে বহনক্ষম পৰ্যটনে জীৱিকাৰ সৃষ্টি কৰাৰ লগতে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰিব পাৰে। যাৰ উদাহৰন বিশ্বব্যাপী দেখিবলৈ পোৱা যায়। উল্লেখযোগ্য যে এই বৰ্ষৰ বিশ্ব পৰ্যটন দিৱসৰ বিষয়বস্তু হৈছে পৰ্যটন আৰু বহনক্ষম পৰিৱৰ্তন। অনুষ্ঠানত এটা ব্যক্তিগত অ “টিটি প্লেটফৰ্ম আৰু অনলাইন ট্ৰেভেল এজেন্সিৰ মাজত বুজাবুজিৰ চুক্তিপত্র (এমঅ” ইউ) স্বাক্ষৰ কৰা হৈছে। মন্ত্রালয়ে পর্যটন প্রকল্পসমূহ পৰিচালনা কৰিবলৈ প্রকল্প ব্যৱস্থাপনা তথ্য ব্যৱস্থা (PMIS) ৰ শুভাৰম্ভ কৰিছে। ইয়াৰ লগতে, সমগ্র দেশতে মূল পৰ্যটনৰ প্ৰৱণতা প্ৰদৰ্শন কৰি ৬৬ সংখ্যক ভাৰত পৰ্যটন তথ্য ২০২৫ সংকলনো মুকলি কৰা হয়।
Site Admin | September 27, 2025 8:23 PM | India has placed connectivity at the core of its tourism vision- Suresh Gopi
ভাৰতে পৰ্যটনৰ মূল দৃষ্টিভংগীৰ সৈতে সংযোগ স্থাপন কৰি আগবাঢ়ি গৈছেঃ পর্যটন বিভাগৰ ৰাজ্য মন্ত্ৰী সুৰেশ গোপী