ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

২০২৪ চনৰ জুনৰ বাবে কৰৰ অংশ হিচাপে ৰাজ্যসমূহলৈ ১ লাখ ৩৯ হাজাৰ কোটিতকৈও অধিক টকা মুকলি বিত্ত মন্ত্ৰালয়ৰ

কেন্দ্রীয় বিত্ত মন্ত্ৰালয়ে ২০২৪ চনৰ জুনৰ বাবে কৰৰ অংশ হিচাপে ৰাজ্যসমূহলৈ ১ লাখ ৩৯ হাজাৰ কোটিতকৈও অধিক টকা মুকলি কৰি দিছে। ইয়াৰে অসমে ৪ হাজাৰ ৩৭১ কোটি ৩৮ লাখ টকা লাভ কৰিছে। বিত্ত মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে এই ধনৰাশিয়ে ৰাজ্যসমূহক উন্নয়নমূলক কাম-কাজ খৰতকীয়া কৰাৰ লগতে মূলধনী ব্যয়ৰ ক্ষেত্ৰত সহায় কৰিব। উত্তৰ প্রদেশে সৰ্বাধিক ২৫ হাজাৰ কোটিতকৈও অধিক টকা লাভ কৰিছে। বিহাৰে ১৪ হাজাৰ কোটিতকৈও অধিক টকা, মধ্যপ্রদেশে প্রায় ১১ হাজাৰ কোটি আৰু পশ্চিমবংগই ১০ হাজাৰ কোটিতকৈও অধিক টকা লাভ কৰিছে। উল্লেখযোগ্য যে ২০২৪-২৫ চনৰ অন্তৱৰ্তীকালীন বাজেটত ৰাজ্যসমূহলৈ কৰ হস্তান্তৰৰ ক্ষেত্ৰত প্ৰায় ১২ লাখ ২০ হাজাৰ কোটি টকা আগবঢ়োৱাৰ ব্যৱস্থা আছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।